

তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ জলাহ ৰোডৰ কালা নদীত নিৰ্মাণৰত দলংখন সম্পূৰ্ণ নোহোৱা বাবে ৰাইজৰ অসুবিধা
তামুলপুৰ জিলাৰ অন্তৰ্গত কুমাৰীকাটাৰ জলাহ ৰোডত অৱস্থিত কালা নদীৰ ওপৰত নির্মাণাধীন দলংখন এতিয়ালৈকে সম্পূৰ্ণ নোহোৱাত স্থানীয় ৰাইজ বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। বহুদিন ধৰি কাম চলি থাকিলেও দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ নহোৱাত অঞ্চলটোত যাতায়াত ব্যাহত হৈ পৰিছে ।
বিশেষকৈ বৰিষাৰ সময়ছোৱাত নদীখনৰ পানী বাঢ়ি যোৱাত বৃহত্তৰ আঙাৰকাটা, চেঁচাপানী, খৈৰাণী, শান্তিপুৰ আদি ৰাইজৰ বিকল্প পথৰ অভাৱত কঠিন সমস্যা মোকাবিলা কৰিবলগীয়া হৈছে । ছাত্ৰ-ছাত্ৰী আৰু কণ কণ শিশুসকলৰ বিদ্যালয়লৈ যোৱা, ৰোগীৰ চিকিৎসালয়লৈ নিয়া, আৰু বজাৰ সমাৰ সম্পন্ন কৰাটো বৰ্তমান এক দুঃসাধ্য কাম হৈ পৰিছে।
স্থানীয় ৰাইজে কয় যে যোৱা বছৰৰ পৰা দলংখনৰ কাম চলি আছে, কিন্তু কামৰ গতি অত্যন্ত লেহেমীয়া হৈছে বুলি অভিযোগ কৰে। কোনো এটি সময়ত নিৰ্মাণ কিছু আগবাঢ়ে, কিন্তু তাৰ পিছতে বহুদিন ধৰি কোনো কাম নহয়। এই ধৰণৰ অৱস্থাই প্ৰশাসনিক গাফিলতি আৰু দায়িত্বজ্ঞানহীনতাৰ প্ৰতিচ্ছবি বুলি ৰাইজে মন্তব্য কৰিছে।
এজন স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয়, “আমাৰ সকলো আশা এই দলংখনৰ ওপৰতে নিৰ্ভৰ কৰে, কিন্তু এতিয়া আমি কিজানি আৰু এটা বছৰ দলংখন সম্পূৰ্ণ হোৱালৈ অপেক্ষা কৰিব লাগিব বুলি ক্ষোভ প্ৰকাশ কৰে । আমাৰ সন্তানৰ পঢ়াশুনা, চিকিৎসা, সকলো ক্ষেত্ৰতে বিপদত পৰিছে। আমি দাবী জনাও যে চৰকাৰে অতি সোনকালেই এই দলংখন সম্পূৰ্ণ কৰি আমাৰ অসুবিধা দূৰ কৰিব।”
উল্লেখযোগ্য যে এই দলংখন সম্পূৰ্ণ হ’লে কুমাৰীকাটা অঞ্চলৰ লোকসকলৰ বাবে এক ডাঙৰ সুবিধা হ’ব । লগতে জলাহ ৰোডৰ সৈতে সংযোগ স্থাপন আৰু বিকাশৰ বাবে ই এক গুৰুত্বপূর্ণ পদক্ষেপ হ’ব।
স্থানীয় সংগঠনসমূহেও ইতিমধ্যে এই বিষয়ত প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতে লৈছে। ৰাইজে আশা প্ৰকাশ কৰিছে যে, চৰকাৰে এই সমস্যাটোক গুৰুত্ব দিয়াৰ লগতে, দলংখন অতি সোনকালেই সম্পূৰ্ণ কৰি তুলিব আশা প্ৰকাশ কৰিছে।