তামুলপুৰৰ ২০ টা সংঘ আৰু ক্লাবক খেল সামগ্ৰী প্ৰদান।
তামুলপুৰ ২৯ ডিচেম্বৰ।
তামুলপুৰ মথংগাফুৰী উদ্যানত আজি গয়বাৰী যুৱ ইউপিপিএল তামুলপুৰ বিধান সভা সমষ্টিৰ উদীয়মান খেলুৱৈ সকলৰ বাবে ক্ৰিকেট, ভলি বল, কেৰম, চেচ আদি সামগ্ৰী বিতৰণ কৰে। খেলৰ সামগ্ৰী বিতৰণ কাৰ্য্যসূচীত উপস্থিত থাকে তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰী ডাঙৰীয়া, গয়বাৰী সমষ্টিৰ সমন্বয়ক ভ্ৰমণ বাগলাৰী, গয়বাৰী ব্লক ইউপিপিএলৰ সভাপতি নৰহৰি মহন্ত, সাধাৰণ সম্পাদক কবিন চন্দ্ৰ বসুমতাৰী আৰু নগেন নাথ, তামুলপুৰ জিলা যুৱ ইউপিপিএলৰ সভাপতি উৎপল তালুকদাৰ, সাধাৰন সম্পাদক বিজয় বড়ো, গয়বাৰী যুৱ ইউপিপিএলৰ সাধাৰণ সম্পাদক অৰুপ বসুমতাৰী আৰু তাইজুদ্দিন আলিৰ লগতে ইউপিপিএল দলৰ নেতা কৰ্মী উপস্থিত থাকে। আজিৰ অনুষ্ঠানতে ২০ টা সংঘ আৰু ক্লাবে অংশগ্ৰহণ কৰে। গয়বাৰী ব্লকৰ যুৱ ইউপিপিএলৰ সভাপতি অজয় বড়োৰ সভাপতিত্ব অনুষ্ঠিত হোৱা খেল সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে কয়— আমি খেল খেলিলে নহব। আমি খেলক বৃত্তি হিচাপে ল’ব লাগিব। খেল সমূহ মনোযোগেৰে খেলিব লাগিব। তেতিয়া আমি জীৱত এজন ভাল খেলুৱৈ হ’ব পাৰিম বুলি মন্তব্য কৰে।