
তামুলপুৰৰ ২নং বানগুৰি (উলুবাৰী)ত চতুৰ্থ বাৰ্ষিক ১২ ঘণ্টীয়া অখণ্ড পালনাম মহোৎসৱ।
তামুলপুৰঃ২২জানুৱাৰীঃ
পাছত স্মৃতি তৰ্পন, গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ দিনৰ এঘাৰ বজাত ভাগৱত শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী কণিকা পাঠকে। স্থানীয় আই ,বাপ – বান্ধৱ তথা ভক্তবৃন্দই সকলে ভাগৱত শোভাযাত্ৰাত অংশ গ্হৰহন কৰে হৰিনান ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ উলুবাৰী অঞ্চল। দুপৰীয়া দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰে প্ৰাক্তন বিধায়ক ইমানুৱেল মছাহাৰীয়ে ৷
পিছত বাৰঘন্টীয়া পালনামৰ শুভাৰম্ভনী কৰিব পালনামৰ মুখ্য পাঠক সৗৰাং বড়োৱে অংশ গ্ৰহন কৰাৰ লগতে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ড° বাবুল চন্দ্ৰ দাস, ডেকা সত্ৰীীয়া গৌতম দাস,বৰংগাজুলিৰ সত্ৰৰ সত্ৰীয়া নিৰঞ্জন বড়োই অংশ ল’ব ৷ দিনৰ এক বজাত প্ৰসাদ বিতৰন, দুই বজাত কীৰ্তন পাঠ, আবেলি নাম প্ৰসংগৰে পালনামৰ সফল সামৰনি পৰিব বুলি উদ্যোক্তা সকলে জনাইছে ৷