BTR NEWS

তামুলপুৰৰ হৰিণচৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ

Telegram

তামুলপুৰৰ হৰিণচৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ

 

হাতীৰ আক্ৰমণত

গুৰুতৰ ভাৱে আহত মাতৃ সহ তিনি কণমানি

 

তামুলপুৰ,২৭ জানুৱাৰী-

 

তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ হৰিণচৰাত ২৫ জানুৱাৰী শনিবাৰৰ নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলা গুৰুতৰ ভাৱে আহত হোৱাৰ লগতে তিনিটা শিশু আহত হয় ৷ হাতীৰ আক্ৰমনত

গুৰুতৰ ভাৱে আহত হয় চুমকি দাস(৩৫) নামৰ এগৰাকী মহিলাৰ লগতে তেওৰ তিনি কণমানি শিশু সন্তান দেবু দাস(১১) সুভজিত দাস(৭) আৰু নৱনীতা দাস(৩)৷ প্ৰাপ্ত তথ্য মতে, শনিবাৰে দুপৰ নিশা প্ৰায় দুইমান বজাত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাক এটাই হৰিণচৰাৰ প্ৰবেশ কৰি উপদ্ৰৱ চলাই ৷ হাতীৰ জাকটোৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে এটি পৰিয়ালৰ শোৱনী কোঠাৰ বেৰ ভাঙি প্ৰবেশ কৰে ৷ নিশা শোৱাপাটিতে ঘৰৰ বেৰ ভাঙি বনৰীয়া হাতী প্ৰবেশ কৰাত আতংকিত হয় পৰে পৰিয়ালটোৰ লোক ৷ ঘৰৰ ভিতৰত প্ৰকাণ্ড হাতী দেখি আতংকিত হৈ নিজৰ তিনি কণমানি সন্তানকলৈ দুৱাৰ খুলি পলাবলৈ খোজোতে হাতীটোৰ গচকত চুমকি দাস নামৰ মহিলা গৰাকীৰ এখন হাত সম্পুৰ্ণ ভাগি থেতেলা খায় যায় ৷ আনহাতে কণমানি সন্তান তিনিটায়ো আঘাত প্ৰাপ্ত হয় ৷ নিশা গাঁও খনৰ লোকে জুই জ্বলাই চিঞৰ বাখৰ কৰি হাতীটো খেদি পঠিওৱাৰ পাছতহে ঘৰৰ ভিতৰৰ পৰা গুৰুতৰ ভাৱে আহত মহিলা সহ কণমানি কেইটাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত মহিলা গৰাকীক সংকতজনক অৱস্থাত নিশা উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত শিশু তিনিটাক কালি কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তী কৰা হয় ৷

Exit mobile version