BTR NEWS

তামুলপুৰৰ হস্তীনাপুৰত হিন্দু জাগৰণ মহাসভা ও ১৫ সংখ্যক শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞানযজ্ঞ আৰু শ্ৰীশ্ৰী বিষ্ণু মহাযজ্ঞৰ বিশাল প্ৰস্তুতি।

Telegram

তামুলপুৰৰ হস্তীনাপুৰত হিন্দু জাগৰণ মহাসভা ও ১৫ সংখ্যক শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞানযজ্ঞ আৰু শ্ৰীশ্ৰী বিষ্ণু মহাযজ্ঞৰ বিশাল প্ৰস্তুতি।

অহা ১৮ তাৰিখৰ পৰা ২৬ জানুৱাৰীলৈ ৯ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হব হিন্দু জাগৰণ মহাসভা ও ১৫ সংখ্যক শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞানযজ্ঞ ও শ্ৰীশ্ৰী বিষ্ণু মহাযজ্ঞ।

 

সনাতন ধৰ্মৰ বৈচিত্ৰ আৰু আমাৰ সামাজিক দায়িত্বৰ’ ওপৰত বিস্তৃত ধৰ্মীয় আলোচনা সভাত মুখ্য বক্তা হিচাবে অংশগ্ৰহণ কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশীলনৰ অধ্যাপক দিগন্ত বিশ্বশৰ্মাই।

 

১৮ তাৰিখে শান্তি আশ্ৰমৰ পৰা উলিওৱা হব এক বিশাল বাইক ৰেলী। আনহাতে ১৯ তাৰিখে অনুষ্ঠিত হব বিশাল ধৰ্মীয় আলোচনা সভা। সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিব লগা এই হিন্দু মহাসভাত সনাতনী ধৰ্ম গুৰু,সাধু-গুৰু বৈষ্ণৱ, সকলেও অংশ লব বুলি জনায়।

 

একেদৰে ২৬ জানুৱাৰীলৈ প্ৰতিদিন চণ্ডী গীতা ও বেদপাঠ,শ্ৰীবিষ্ণু মহাযজ্ঞ,ভাগৱত কথা প্ৰৱচন,আৰতি আৰু প্ৰসাদ বিতৰণ কাৰ্যসূচী ৰূপায়ন হব।

 

 

অনুষ্ঠানৰ সকলো কাৰ্যসূচী সফল ৰূপায়ন কৰাৰ বাবে প্ৰতি গৰাকী হিন্দু সনাতনী লোকৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আয়োজক সমিতিয়ে। ‎

Exit mobile version