তামুলপুৰৰ শ্ৰীশ্ৰী মহাপ্ৰভূ গোপাল আৰু জগন্নাথ থান সত্ৰত অসম মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
অহা পাচ বছৰ বিটিআৰ হ’ব সমৃদ্ধিৰ বছৰ।—হিমন্ত বিশ্ব শৰ্মা।
তালুকদাৰ, তামুলপুৰ ৪ জুলাই।
অহা পাচ বছৰ বিটিআৰ হ’ব সমৃদ্ধিৰ বছৰ। আমি ক্ষমতাৰ কাৰণে বিটিআৰত ৰাজনীতি
কৰিবলৈ অহা নাই। বিটিআৰত স্থায়ী শান্তিৰ বাবে কাম কৰিবলৈ আহিছো। —এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। আজি তামুলপুৰ জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি তামুলপুৰ কুচুবাৰীৰ শ্ৰীশ্ৰী মহাপ্ৰভূ গোপাল আৰু জগন্নাথ থান সত্ৰত তামুলপুৰ জিলা বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকি তেওঁ পুণৰ কয়—বিটিআৰত বিজেপিক শক্তিশালী কৰিব লাগিলে সকলো কাৰ্যকৰ্তাই কাম কৰিব লাগিব। এইবাৰ বিটিআৰত বিজেপিয়ে নিৰ্বাচন খেলি নিৰ্বাচনত জিকিব লাগিব। এইবাৰ বিটিচিত কংগ্ৰেছৰ কাম নাই। এইবাৰ বিটিআৰত বিজেপি চৰকাৰ।আমি বিটিআৰ নিৰ্বাচনত তামুলপুৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু কোকৰাঝাৰে ভাল ফলাফল দেখুৱাব লাগিব। যোৱা বাৰ আমি বিটিআৰত ৬ টা পৰিষদীয় সমষ্টিত নিৰ্বাচন খেলিছিলো। তাৰে দুটা পৰিষদীয় সমষ্টিত আমি জয় লাভ কৰিবলৈ সক্ষম হৈছো। যদি ৬ টা পৰিষদীয় সমষ্টিতে জিকিব পাৰিলো হয় তেতিয়া হ’লে বিটিআৰৰ পৰিবেশন সুকিয়া হ’ল হয়। কংগ্ৰেছ যেতিয়া শাসনত আছিল তেতিয়াই বিটিআৰত গোষ্ঠী সংঘৰ্ষ হৈছিল। আমি শাসনত অহাৰ পিছত বিটিআৰত স্থায়ী শান্তি ঘুৰাই আনিবলৈ সক্ষম হৈছো বুলিও মন্তব্য কৰে। ভাষণ তেওঁ পুণৰ কয়— বিটিআৰ মুখ্যমন্ত্ৰী মই নিজেই। বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য
প্ৰমোদ বড়ো আৰু প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীক দিশপুৰলৈ যোৱাৰ বাবেও নিমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে। বিটিআৰত বিজেপি চৰকাৰ হ’লে ৰাইজৰ মনৰ বেদনা নোহোৱা হ’ব বুলি মন্তব্য কৰি আমাক কোকৰাঝাৰ লাগিব, দিশপুৰ লাগিব বুলিও সভাত সদৰি কৰে। তামুলপুৰত মন কি বাত ১০০ শতাংশ হৈছে বুলি মন্তব্য কৰি আগষ্ট মাহত প্ৰতিটো বুথতে একোটা যুৱ বাহিনী গঠন কৰিবলৈ কাৰ্যকৰ্তাক আহ্বান জনাই তামুলপুৰখন নতুন দীপলৈ ৰূপান্তৰ কৰি আমি কাৰো বিৰুদ্ধে বিটিআৰ নিৰ্বাচন নেখেলো।আামৰ সপক্ষে বিটিআৰ নিৰ্বাচন খেলিম বুলি মন্তব্য কৰি বিটিআৰ খন আমি কাকো ঠিকা দিয়া নাই বুলি উল্লেখ কৰি বিজেপিক বিটিআৰত বন্ধ নকৰিবলৈ অনুৰোধ জনাই
অসমৰ মুখ্যমন্ত্ৰী গৰাকী সকলোত যাব বুলিও মন্তব্য কৰে ৷ অসমত হিতেশ্বৰ বৰুৱা, তৰুন গগৈৰ প্ৰয়োজন নহয় ৷ বিটিআৰত প্ৰয়োজন সৰ্বানন্দ সোণোৱাল, হিমন্তৰ বিশ্ব শৰ্মাৰ৷ আমি কাৰো বিপক্ষে নাই আৰু শত্ৰুও নাই সকলোৰে বাবে সপক্ষে আছো। সমান অধিকাৰ হব লাগে বিটিআৰত ৷ তামুলপুৰ জিলা বিজেপিৰ সম্পাদক ৰাজেশ বড়োৱে আত ধৰা কাৰ্যকৰ্যা সন্মিলনত অংশ গ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয়—ডিমা হাচাও, কাৰ্বি আলংত বিজেপিৰ চৰকাৰ, বিটিআৰতো চৰকাৰ গঠনৰ মুল চাবিকাঠি বিজেপিৰ হাতত থাকিব লাগিব ৷ বিটিআৰত আমি শক্তিশালী ভাৱে নিৰ্বাচন খেলিম ৷ জিকাৰ বাবে খেলিম ৷ বিটিআৰৰ ৩৫ লক্ষ্য জনতাৰ মনৰ কথা বুজি উন্নয়নৰ কাৰনে নিৰ্বাচন খেলিম ৷ মোৰ বুথ সকলোতকৈ মজবুত বুলি দিলীপ শইকীয়াই কয়–আমি বুথৰ কাৰ্যকৰ্তাৰ উৎসাহক সন্মান জনাই বাবে আমি পৰবৰ্তী সময়ত বৃহৎ সন্মিলন পাতিম ৷ কিয়নো বুথ জিকিলেহে নিৰ্বাচন জিকিম ৷ আমাৰ লক্ষ্য শান্তিপূৰ্ণ সুৰক্ষিত উন্নয়ণৰ বিটিআৰ। আজিৰ এই কাৰ্যকৰ্তা সন্মিলনখনত অংশ গ্ৰহণ কৰে তামুলপুৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস, কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী, ধৰ্মনাৰায়ণ দাস, পাৰিষদ বিজিৎ গৌৰা নাৰ্জাৰী, মনোনীত এম চি এল এ হেমন্ত কুমাৰ ৰাভা, তামুলপুৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক লক্ষী দাসৰ লগতে বিজেপিৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে। কাৰ্যকৰ্তা সন্মিলনৰ অন্ততঃ মুখ্য মন্ত্ৰী গৰাকীয়ে তামুলপুৰ জিলাৰ ৪০ টা দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠাৰ মুৰব্বী সকলৰ লগতো আলোচনাত মিলিত হয়।