
তামুলপুৰৰ শিমলুবাৰী দৰঙ্গাপাৰত পুষুণা মেলাৰ শুভাৰম্ভ।
তামুলপুৰ, ২৭ জানুৱাৰী।
সপ্তম বাৰ্ষিক পুষুণা মেলাৰ আজি পুৱাৰ ভাগত চাফাই অভিযান, গংগা পূজা, পুষুণা মেলাৰ মুখ্যদ্বাৰ উদ্বোধন, পতাকা উত্তোলন, বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন, গছপুলি ৰোপন, ৰভামঞ্চ উদ্বোধন আদি ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালভাৱে আগন্তুক ২ ফেব্ৰুৱাৰীলৈ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি আদিৰ পয়োভৰেৰে উজ্জ্বলি উঠিব পুষুণা মেলাস্থলী।
আটাইকেইদিনৰ বৰ্ণাঢ্য কাৰ্যসূচীতে সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি কামনা কৰিছে পুষুণা মেলা উদযাপন সমিতিয়ে।###