BTR NEWS

তামুলপুৰৰ শিমলাবাৰীত তিনি বছৰে মুকলি নহ’ল জলজীৱন মিছনৰ প্ৰকল্পঃ

Telegram

তামুলপুৰৰ শিমলাবাৰীত তিনি বছৰে মুকলি নহ’ল জলজীৱন মিছনৰ প্ৰকল্পঃ

 

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাঁহাকাৰ গাঁওবাসীৰ।

 

তামুলপুৰ, ১৯ ডিচেম্বৰঃ

 

কেন্দ্ৰীয় চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল প্ৰতিশ্ৰুতিৰে আৰম্ভ কৰা জল জীৱন আঁচনিৰ এক পয়ালগা অৱস্থাই তামুলপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তামুলপুৰ জিলাৰ শিমলাবাৰী গাৱঁত ধোঁৱাচাঙত উঠিছে জল জীৱন আঁচনিৰ বিশুদ্ধ খোৱা পানী যোগানৰ প্ৰতিশ্ৰতি। উল্লেখযোগ্য যে হাবি জংঘলেৰে আবৰি থকা জল জীৱন আঁচনিৰ এই বাসগৃহটো আজিৰ পৰা প্ৰায় তিনি বছৰ আগতে নিৰ্মাণ কৰা হৈছিল । কিন্তু পৰিতাপৰ কথা যে আজিকোপতি গঞাই এটুপি বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হোৱা নাই উক্ত প্ৰকল্পটোৰ পৰা। প্ৰণিধানযোগ্য যে ভূমিপুত্ৰ আদিবাসী জনবহুল গাঁওখনৰ সহজ সৰল লোক এজনে নিজৰ ভুমি দান কৰিছিল উক্ত আঁচনিটো আৰম্ভ কৰিবলৈ। প্ৰতিশ্ৰুতি দিছিল গাঁওখনত অতি শীঘ্ৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লগতে ভুমি দান কৰা পৰিয়ালটোৰ এজনক নিয়মিত পানী যোগান ধৰাৰ বাবদ চাকৰি এটাও দিয়া হ’ব। এতিয়া সকলো প্ৰতিশ্ৰুতি যেন ধোঁৱাচাঙত। গাঁওখনত বিশুদ্ধ খোৱাপানীৰ অভাৱত বহু লোক ইতিমধ্যে বিভিন্ন সময়ত নানা ৰোগত আক্ৰান্তও হ’ব লগা হৈছে। আজিৰ সময়তো গাৱঁৰ ৰাইজে নদ নদী নাইবা অনুপযুক্ত খাল বিল, দমকলৰ পানী খাই জীৱন নিৰ্বাহ কৰি আছে। গঞাৰ দাবী — অতি শীঘ্ৰে গাঁওখনত জল জীৱন আঁচনিৰ প্ৰকল্পটো মুকলি কৰি বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিব লাগে।

Exit mobile version