তামুলপুৰৰ শশীপুৰত যোগ প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত। 

Telegram

তামুলপুৰৰ শশীপুৰত যোগ প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত। 

=======================

 

কুমাৰীকাটা, ১৭ জুন।

 

তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত , ড্ৰাগছমুক্ত দৰঙ্গা পৰিচালনা সমিতি, 64 বাহিনী এছএছবিৰ সহযোগত ভাৰত ভূটান সীমান্তৰ শশীপুৰত বিশাল যোগ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। প্ৰায় 180 গৰাকী পুৰুষ মহিলা ছাত্ৰ-ছাত্ৰী যুৱক যুৱতীৰ উপস্থিতিত হোৱা এই যোগ শিবিৰত অংশগ্ৰহণ কৰে তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তী, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, 64 বাহিনী এছএছবিৰ কমাণ্ডেণ্ট অনুজ কুমাৰ, অতিৰিক্ত আয়ুক্ত কবিতা ফাংচু , জিলা সমাজ কল্যাণ বিষয়া ইৰানী ঠাকুৰীয়াৰ লগতে স্হানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷ ড্ৰাগছমুক্ত দৰঙ্গা পৰিচালনা সমিতিৰ সম্পাদক সুকুমাৰ দাসে আতধৰা এই যোগ শিৱিৰত যোগ প্ৰশিক্ষণ দিয়ে নকুল দাসে। এই অঞ্চলত স্বাস্থ্যৰ প্ৰতি সজাগতা অনা আৰু যুৱ সমাজক যোগাৰ যোগেদি সচেতনতা অনায়েই হল আজিৰ যোগ শিৱিৰৰ মুল উদ্দেশ্য ৷

  • Related Posts

    Meeting on Financial Assistance for Tea Garden Workers Held in Tamulpur*

    Telegram

    TelegramTweet*Meeting on Financial Assistance for Tea Garden Workers Held in Tamulpur*   _Each worker will be receive ₹5,000_   *Tamulpur, 17 June 2025* : A meeting was convened today at…

    ভূটান সীমান্তৰ গয়বাৰী- সমবায় বস্তী পথৰ আধাৰশীলা স্থাপন বিধায়ক জলেন দৈমাৰীৰ

    Telegram

    TelegramTweetভূটান সীমান্তৰ গয়বাৰী- সমবায় বস্তী পথৰ আধাৰশীলা স্থাপন বিধায়ক জলেন দৈমাৰীৰ   তামুলপুৰ,১৬ জুন   তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ গয়বাৰী বজাৰ- সমবায় বস্তী হৈ পৰ্যটনথলি বগামাটিলৈ যোৱা গ্ৰাম্য পথটোৰ পুনৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *