BTR NEWS

তামুলপুৰৰ লাউপাৰাত ১৭০ সংখ্যক চিদু কানহু জাতীয় ঐক্য আৰু সংহতি (হুল) দিৱস উদযাপন

Telegram

তামুলপুৰৰ লাউপাৰাত ১৭০ সংখ্যক চিদু কানহু জাতীয় ঐক্য আৰু সংহতি (হুল) দিৱস উদযাপন

লাউপাৰাত চিদু- কানহু,বিৰচা মুণ্ডা আৰু তিলকা মাঝীৰ নামত গৱেষনা কেন্দ্ৰ আৰু মিনি ষ্টেডিয়াম নিৰ্মানৰ কৰা হ’ব- দূৰ্গা হাচদা

 

তামুলপুৰ,১ জুলাই –

 

বৃহত্তৰ তামুলপুৰ চাওঁতাল সমাজৰ উদ্যোগত লাউপাৰা চিদু কানহু মধ্যইংৰাজী বিদ্যালয়ত কালি দিনজোৰা কাৰ্যসূচীৰে অনুস্থিত চাওঁতাল জনগোষ্ঠীৰ জাতীয় ঐক্য আৰু সংহতি (হুল )দিৱস৷

জাতীয় ঐক্য আৰু সংহতি (হুল )দিৱসৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত

সংহতি পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিয়দৰ কাৰ্যবাহী সদস্য বিলিয়াম টুডুৰ লগতে কেবাগৰাকীও বিশিষ্ট লোকে ৷ চিদু কানহুৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে বিনই হাচদা আৰু বাবাই ৰাম চৰেন আৰু পীৰু মাৰ্ডীয়ে ৷ বৃক্ষৰোপন কৰে নিৰঞ্জন শৰ্মাই ৷ আবেলি তিনি বজাত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিয়দৰ কাৰ্যবাহী সদস্য বিলিয়াম টুডুৰ সভাপতিত্বত অনুস্থিত মুকলি সভাআদৰনি ভাষণ দিয়ে পৰমেশ্বৰ বাস্কে আৰু সভা

উদ্ধোধন কৰে চাওঁতাল সংস্কৃতিৰ গৱেষক বিশিষ্ট সমাজকৰ্মী তথা অৱসৰি শিক্ষক ভৰত টুডুই ৷

মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিয়দৰ মুখ্যকাৰ্যবাহী বিষয়া দূৰ্গা হাচদাই ১৮৫৫ চনত চিদু আৰু কানহু মুৰ্ম্মূ নামৰ দুই চাওঁতাল ভাই ককাইৰ নেতৃত্বত বৃটিছৰ গোলামী, বৃটিছৰ শোষণ,দমন অত্যাচাৰ আৰু অন্যায় বিৰুদ্ধে বৰ্তমান ঝাৰখণ্ড ৰাজ্যৰ ভগনাডিহ গাঁৱত প্ৰায় ৩ হেজাৰৰ অধিক চাওঁতাল জনগোষ্ঠীয় লোক একত্ৰিত কৰি যি হুল বিদ্ৰোহ কৰিছিল সেই সম্পৰ্কে বিস্তৃত বাখ্যা দাঙি ধৰে ৷ আজিৰ সভাতেই আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিয়দৰ মুখ্যকাৰ্যবাহী বিষয়া দূৰ্গা হাচদাই লাউপাৰাত চিদু- কানহু,বিৰচা মুণ্ডা আৰু তিলকা মাঝীৰ নামত গৱেষনা কেন্দ্ৰ আৰু এখন মিনি ষ্টেডিয়াম নিৰ্মানৰ কথা ঘোষণা কৰে সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বড়োলেণ্ড সাংবাদিক সংস্থাৰ সাধাৰন সম্পাদক ৰমেন দাসে কয়, নিজস্ব ভাষা , সংস্কৃতি, সাজপোচাকৰে সমৃদ্ধ চাওঁতাল সকল ভাৰত বৰ্ষৰ এটা অতি পুৰণি চহকী জনগোষ্ঠী ৷ কঠোৰ পৰিশ্ৰমী চাওঁতাল জনগোষ্ঠীৰ জাতীয় বীৰ চিদু -কানহু তেওলোকৰ বিষয়ে বৰ্তমানৰ প্ৰজন্মই জানিব লাগিব ৷ চাওঁতাল জনগোষ্ঠীৰ জ্যেষ্ঠ সকলে বৰ্তমান প্ৰজন্মক নিজৰ জনগোষ্ঠীৰ সোণালী ইতিহাসৰ বিষয়ে জনাব লাগিব ৷ চাওঁতাল জনগোষ্ঠীৰ এগৰাকী সু সন্তান ভাৰতৰ প্ৰথম গৰাকী নাগৰিক ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত দোপদ্ৰী মুৰ্মূক লৈ গৌৰাম্বিত চাওঁতাল জনগোষ্ঠীৰ ভৱিষ্যত প্ৰজন্মক আধুনিক শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ প্ৰতি গৰাকী অভিভাৱকক নিজৰ সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ আহ্বান জনাই বডোলেণ্ড সাংবাদিক সংস্থাৰ সাধাৰন সম্পাদক ৰমেন দাসে ৷ সভাত উপস্থিত থাকি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাসে শুভেচ্ছা মুলক বক্তব্য ৰাখে ৷ আদৰনি সমিতিৰ সম্পাদক সুৰেন মাৰ্ডীয়ে শলাগৰ শৰাই আগবঢ়োৱা মুকলি সভাত চাওঁতাল সাহিত্য সভাৰ, চাওঁতাল ছাত্ৰ সন্থা,চাহজনজাতি ছাত্ৰ সন্থাৰ কে’বাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে ৷ কেবাসহস্ৰাধিক লোক উপস্থিত থকা ১৭০ তম চিদু কানহু জাতীয় ঐক্য আৰু সংহতি দিৱসৰ

সন্ধিয়া অনুস্থিত চাওঁতাল সকলৰ বিভিন্ন লোক নৃত্য, গীত মাতেৰে সামৰনি পৰে ৷

Exit mobile version