BTR NEWS

তামুলপুৰৰ ভূমি বন্দৰ দৰঙাত সংহত তালাচী চকী মুকলি।

oplus_0

Telegram

*তামুলপুৰৰ ভূমি বন্দৰ দৰঙাত সংহত তালাচী চকী মুকলি*

 

_সংহত তালাচী চকীয়ে ভাৰত আৰু ভূটানৰ মাজত অৰ্থনৈতিক তথা সামাজিক সংযোগ শক্তিশালী কৰিব।_

oplus_0

*তামুলপুৰ, ৭ নৱেম্বৰ, ২০২৪* :

অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ভূটানৰ প্ৰধানমন্ত্ৰী দাছো শ্বেৰিং টবগেই আজি তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙাত এটি সংহত তালাচী চকী উদ্বোধন কৰে। দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত আদৰণী ভাষণ প্ৰদান কৰে ভাৰতীয় ভূমি বন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষ আদিত্য মিশ্ৰ‌ই। তাৰ পাছত ৰাজ্যপাল তথা প্ৰধানমন্ত্ৰীকে ধৰি উপস্থিত অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ভূটানৰ প্ৰধানমন্ত্ৰী দাছো শ্বেৰিং টবগে, এম এইচ এৰ সচিব (বি এম) ডঃ ৰাজেন্দ্ৰ কুমাৰ, কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, স্থানীয় সাংসদ দীলিপ শ‌ইকীয়া, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আদিয়ে ভাষণ প্ৰদান কৰে। ৰাজ্যপালগৰাকীয়ে নিজৰ বক্তব্যত উল্লেখ কৰে, “সংহত তালাচী চকীয়ে ভাৰত আৰু ভূটানৰ মাজত অৰ্থনৈতিক তথা সামাজিক সংযোগ শক্তিশালী কৰিব।” ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তালাচী চকীটো প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো শলাগ লয়। তেওঁলোকে ভূটান সীমান্তৰ পৰা মাত্ৰ ৭০০ মিটাৰ দূৰৈত অৱস্থিত এই ভূমি বন্দৰটো প্ৰাদেশিক সংযোগ আৰু অর্থনৈতিক বিকাশ বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে বুলি মতপোষণ কৰে। উল্লেখ্য যে ১৪.৫ একৰ ভূমি আৱৰি থকা সংহত তালাচী চকীটোৱে দুয়ো দেশৰ ভ্ৰমণ তথা বাণিজ্যক অধিক অগ্ৰগতি প্ৰদান কৰিব। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথে আগবঢ়োৱা উন্নত সংযোগ আৰু ভূটানত শক্তিশালী শুল্ক আন্তঃগাঁথনিৰ সুবিধা গ্ৰহণ কৰাৰ বাবে তালাচী চকীটো দুয়ো দেশৰ বাবে যথেষ্ট সহায়ক হ’ব। বিশেষকৈ ‘চমজং’ ব্ৰেণ্ড আৰু চামদ্রুপ-জংখাৰৰ বজাৰসমূহে দুয়োখন ৰাষ্ট্ৰৰ মাজত অর্থনৈতিক আৰু সাংস্কৃতিক সমন্বয়ৰ সেতু গঢ়ি তুলিবলৈ সক্ষম হ’ব।

সংহত তালাচী চকী, দৰঙা কেৱল এক বাণিজ্যিক কেন্দ্রই নহয়, লগতে ই এক অভিবাসন তালাচী চকী। তালাচী চকীটোৱে স্থানীয় অর্থনীতি বৃদ্ধি কৰিব আৰু আন্তর্জাতিক সম্পর্ক সুদৃঢ় কৰিব। তালাচী চকীটোৰ উদ্বোধন ভাৰত তথা ভূটানৰ বাবে অংশীদাৰী সমৃদ্ধিৰ প্ৰতীক হিচাপে পৰিগণিত হ’ব। অনুষ্ঠানত অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য আৰু ভূটানৰ মাননীয় প্রধানমন্ত্রী দাছো শ্বেৰিং টবগে, কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় কুমাৰ, কেন্দ্ৰীয় মন্ত্ৰী প্ৰৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী চন্দ্ৰমোহন পাঠোৱাৰী আৰু সাংসদ দিলীপ শইকীয়া, বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী, বিধায়ক জলেন দৈমাৰী, জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীকে ধৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী তথা ৰাইজ উপস্থিত থাকে।

Exit mobile version