BTR NEWS

তামুলপুৰৰ ভূটান সীমান্তত অব্যাহত আছে টেল মাফিয়াৰ দপদপনি।

Telegram

তামুলপুৰৰ ভূটান সীমান্তত অব্যাহত আছে টেল মাফিয়াৰ দপদপনি।

 

তামুলপুৰৰ দৰঙামেলাত আৰক্ষীৰ অভিযানত পুণৰ অবৈধ পেট্ৰল ভৰ্তি ৫ খন বাহন জব্দ কৰাৰ লগতে ৬গৰাকী লোকক আটক তামুলপুৰ আৰক্ষীৰ।

 

AS 01 AK 0447, AS 01 AF 6383, AS 01 AP 7507, AS 15 D 9284, AS 01 AT 1245 নম্বৰৰ ৫ খনকৈ অবৈধ পেট্ৰলভৰ্তি বাহন জব্দ আৰক্ষীৰ।

 

ভূটানৰ পৰা পুৱতি নিশা অবৈধভাৱে পেট্ৰলসমূহ আনি থকা অৱস্থাত বাহনসমূহ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

 

ইয়াৰে ৩ খন চেন্ট্ৰো, ১খন এল্টো আৰু ১খন বলেৰো বাহনেৰে ৫০০ লিটাৰোৰো অধিক পেট্ৰল আনিছিল বাহন সমূহে।

 

প্ৰতিখন বাহনৰে অতিৰিক্ত টেলৰ টেঙ্কি বনাই আনিছিল অবৈধ পেট্ৰল সমূহ।

 

ভূটানত ৬৩ টকাত ক্ৰয় কৰা পেট্ৰল অবৈধভাৱে তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ বজাৰত অতিৰিক্ত দামত টেল মাফিয়া সকলে বিক্ৰী কৰি আহিছে।

 

জিলাখনৰ পান দোকান, গেলামাল দোকান, চাহ দোকান আদিত অবৈধভাৱে বিক্ৰী হৈ আহিছে ভূটানী পেট্ৰল।

 

আটকাধীন লোককেইজন ক্ৰমে– দুৰ্গা বাহাদুৰ প্ৰধান (৪৩), নিতুল আলী (২৫), জিতেন দৈমাৰী (৪২), তাইজুদ্দিন আলী (৩০), ফালুৰাম মণ্ডল (৪৫) আৰু ৰাজু দাস (৩২)।

 

উল্লেখ যে যোৱা কালি অৰ্থাৎ ১৭ জানুৱাৰী নিশা‌ ৭ খন বাহন সহ ৬ গৰাকী লোকক আটক কৰিছিল তামুলপুৰ আৰক্ষীয়ে।

Exit mobile version