তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ ১ নং ডোঙাৰগাঁওত বাক্সা বন সংমণ্ডলৰ উদ্যোগত গছপুলি ৰোপণ।
তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ ১ নং ডোঙাৰগাঁওত আজি বাক্সা বন সংমণ্ডলৰ উদ্যোগত আৰু স্থানীয় ৰাইজ তথা কেইবাটাও পৰিৱেশ সংস্থাৰ সহযোগত অনুষ্ঠিত কৰা হয় পৰিৱেশ সজাগতা ও গছপুলি ৰোপন কাৰ্যসূচী।।পৰিৱেশ কর্মী মাধৱ ছেত্ৰীয়ে আঁতধৰা অনুষ্ঠানত উপস্থিত থাকে বাক্সা সংমণ্ডলৰ বন প্ৰাধিকাৰী বিষয়া প্ৰদীপ কুমাৰ ভূঞা, স্থানীয় পাৰিষদ তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাস, তামুলপুৰ বন বিষয়া কামেশ্বৰ বড়ো,কুমাৰিকাটা বন বিষয়া পুলক ডেকা, সহ স্থানীয় পৰিৱেশ সংস্থা, গেৰেমছা,মাছকেড,এছতেগ,গয়বাৰী চয়পত্ৰি ফাউণ্ডেচন, গ্ৰাম্য বিকাশ মঞ্চৰ বিষয় ববীয়াৰ লগতে যুৱ নেতা ভজন দাস, বিশ্বজিত বশাক, পৰিমল শিল,ৰেবেন বড়ো সহ স্থানীয় প্ৰায় কেইবা শতাধিক স্থানীয় ৰাইজ। অনুষ্ঠানত বাক্সা বন সংমণ্ডল বন প্ৰাধিকাৰী বিষয়া প্রদিপ বনিয়াই কয় যে, আমাৰ চাৰিওপাশৰ প্ৰকৃতি তিল তিল কৈ বিনষ্ট হব ধৰিছে। ইয়াৰ কাৰণ অবাধ বন ধংশ আৰু প্লাষ্টিকৰ ব্যৱহাৰ।ভাৰত-ভূটান সীমান্তত হস্তি মানুহৰ সংঘাত বৃদ্ধি হোৱাৰ মূলত কাৰণ সীমান্তত গছ গছনি কাটি তহিলং কৰাৰ বিপৰীতে হস্তি দণ্ডীত অবৈধ ফেনছিং চৰ্ত দিয়া ইত্যাদি। সেয়ে গছবোৰ নাকাটি পৰিবেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে সকলোৱে গছপুলি ৰূপনৰ বাবে অনুৰোধ জনায়। একেদৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসেও বৰ্তমান সময়ত প্লাষ্টিকৰ দ্ৰুত ব্যৱহাৰে সমাজ জীৱনত সৃষ্টি কৰা ক্ষতি আৰু কেঞ্চাৰ ৰোগৰ ওপৰত মন্ত্যৱ প্ৰদান কৰি পৰিৱেশৰ ভাৰসাম্যতা নিয়ন্ত্ৰণৰ বাবে ৰাইজক সজাগ কৰে। সমান্তৰাল ভাৱে এছতেকৰ সমন্বয়ক প্ৰাঞ্জল বেজবৰুৱা, গ্ৰাম্য বিকাশ মঞ্চৰ উপ সভাপতি প্ৰাঞ্জল চক্ৰৱৰ্তী, মাছকেডৰ তত্বাৱধায়ক বিজয় বেজবৰুৱাও পৰিৱেশৰ সুস্থিৰতা আৰু প্ৰকৃতি বা গছ গছনিৰ ধ্বংসৰ ফলত মানৱ জীৱনত পৰা মাৰাত্মক দিশসমূহ আলোকপাত কৰে। পুৱা অঞ্চলটোৰ আদিবাসী বসতি প্ৰধান অঞ্চলটোৰ লোকে বন বিষয়া আৰু কাৰ্যবাহী সদস্য গৰাকীক জাতীয় কৃষ্টি নৃত্যৰে গাঁওত আদৰি অনাৰ পিছত অনুষ্ঠিত সজাগতা সভাৰ শেষত সকলোৱে অঞ্চলটোৰ পাহাৰৰ দাঁতিত বিভিন্ন মূল্যবান গছ গছনি সহিতে হাতীৰ উপযোগী খাদ্য ৰোপন কৰে। লগতে স্থানীয় যুৱ নেতা ভজন দাস, বিশ্বজিত বসাক, পৰিমল শিল তথা পৰিৱেশ কর্মী মাধৱ ছেত্ৰীয়ে আজি ৰোপন কৰা গছসমূহ সকলোৱে চোৱাচিতা কৰিবলৈ অনুৰোধ জনাই নিজেও এই ক্ষেত্ৰত প্ৰতিপালনৰ দায়িত্ব লব বুলি উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত। উল্লেখ যে, বিগত কেইবাদিনো ধৰি বগৰিখুটি বন শিবিৰৰ দায়িত্বত থকা লাচিত বৰ্গীয়াৰী, বলোৰাম ডেকা, স্বেচ্ছাসেৱা মূলক ভাৱে বন বিভাগৰ সৈতে জড়িত অনন্ত তালুকদাৰ,গোপাল ভট্টাৰায়ে নামৰ লোককেইজনে উক্ত অঞ্চলত পৰিৱেশ জনীত কামত নিয়োজিত হৈ আজিৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে।ইপিনে, আজিৰ সজাগতা সভাতে অঞ্চলটোৰ কেইবাজনো লোকৰ হাতত তুলি দিয়া হয় উন্নতমানদণ্ডৰ হাতী খেদাত ব্যৱহাৰ কৰিব পৰা টৰ্চ লাইট আৰু ফটকা।অঞ্চলটোৰ সেউজ পৰিবেশ পুনৰ উদ্বাৰৰ ক্ষেত্ৰত এতিয়া তৎপৰ হৈছে প্ৰতিগৰাকী সচেতন জনতা।