তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত আৰক্ষী আৰু বন বিভাগৰ অভিযান। তিনিগৰাকী চোৰাং চিকাৰী আটক, হাতীৰ দাত, দুটা হস্ত নিৰ্মিত বন্দুক জব্দ।

  • Crime
  • December 22, 2024
  • 0 Comments
Telegram

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত আৰক্ষী আৰু বন বিভাগৰ অভিযান।

তিনিগৰাকী চোৰাং চিকাৰী আটক, হাতীৰ দাত, দুটা হস্ত নিৰ্মিত বন্দুক জব্দ।

তামুলপুৰ ২২ ডিচেম্বৰ। 

 

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ ১ নম্বৰ ডোঙাৰ গাঁও নিশা তামুলপুৰ আৰক্ষী আৰু বন বিভাগে চোৰাং চিকাৰীৰ বিৰুদ্ধে যুটীয়া অভিযান চলাই তিনি গৰাকী চোৰাং চিকাৰীক আটক কৰাৰ লগতে হাতীৰ দাত, দুটা হস্তনিৰ্মিত বন্দুক জব্দ কৰিবলৈ সক্ষম হয়।

 

জানিব পৰা মতে এক গোপন খৱৰৰ ভিত্তিত নিশা তামুলপুৰ আৰক্ষী আৰু বন বিভাগে অভিযান চলাই ভাৰত ভূটান সীমান্তৰ ১ নম্বৰ ডোঙাৰ গাঁওৰ চিঙ্গৰাই হাচদা (৬০) ঘৰত অভিযান চলাই এটা হস্তনিৰ্মিত বন্দুক এটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

 

আৰক্ষী আৰু বন বিভাগৰ লোকে চিঙ্গৰাই হাচদাক অধিক জেৰা কৰাত ১ নম্বৰ গাঁওৰ চনু ‌হেম্বৰম (৬০) ঘৰত এটা বনৰীয়া হাতী দাত থকাৰ কথা স্বীকাৰ কৰে। পিছত আৰক্ষী আৰু বন বিভাগৰ লোকে চিঙ্গৰাই হাচদাক লগত লৈ চনু ‌হেম্বৰমৰ ঘৰত অভিযান চলাই হাতীৰ দাতটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

 

পুণৰ আৰক্ষী আৰু বন বিভাগৰ লোকে চিঙ্গৰাই হাচদা আৰু চনু ‌হেম্বৰমক জেৰা কৰাত নাগ্ৰিজুলিৰ মঞ্জুৰ গাঁওৰ বাবুৰাম চৰেণ (৪৬) নামৰ লোক গৰাকীৰ ঘৰত অন্য এটা হস্ত নিৰ্মিত বন্দুক থকা বুলি সদৰি কৰাত আৰক্ষী আৰু বন বিভাগৰ লোকে বাবুৰাম চৰেণৰ ঘৰত অভিযান চলাই এটা হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিশাই তামুলপুৰ আৰক্ষী আৰু বন বিভাগৰ লোকে তিনিওজনক আটক কৰা লগতে দুটা হস্ত নিৰ্মিত বন্দুক আৰু এটা হাতীৰ দাত উদ্ধাৰ কৰি তামুলপুৰ আৰক্ষী থানলৈ আনে।

  • Related Posts

    • Crime
    • June 19, 2025
    • 7 views
    • 1 minute Read
    দুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ। 

    Telegram

    TelegramTweetদুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ।    নাগ্ৰীজুলি, ১৯ জুন-   সহজলভ্য ধনৰ লালসাত পৰি এচাম লোকে সৰ্বশ্ৰান্ত হোৱাৰ…

    • Crime
    • June 18, 2025
    • 6 views
    • 1 minute Read
    24वीं बटालियन सशस्त्र सीमा बल रंगिया ने जब्त की अवैध लकड़ी व आरा मशीन 

    Telegram

    TelegramTweet24वीं बटालियन सशस्त्र सीमा बल रंगिया ने जब्त की अवैध लकड़ी व आरा मशीन    (कुमारीकाटा, दिनांक-18.06.2025): 24वीं बटालियन सशस्त्र सीमा बल रंगिया (असम) की सीमा चौकी गाइडन चौक द्वारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *