BTR NEWS

তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ প্ৰশংসনীয় পদক্ষেপ

Telegram

তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ প্ৰশংসনীয় পদক্ষেপ

 

বিনামূলীয়া নীট কোচিংৰ বাবে অনুষ্ঠিত কৰে বাচনি পৰীক্ষা

 

তামুলপুৰ, ১১ জুনঃ

 

তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ প্ৰশংসনীয় পদক্ষেপ। তামুলপুৰ জিলাৰ ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত মেধাসম্পন্ন পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত কৰি নীট পৰীক্ষাৰ বিনামূলীয়া কোচিংৰ দিহা কৰাৰ উদ্দেশ্যে আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰে বাচনি পৰীক্ষা। উক্ত বাচনি পৰীক্ষাৰ বাবে জিলাখনৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে আবেদন জনাইছিল আৰু আজি তামুলপুৰ জিলাৰ আয়ুক্ত পঙ্কজ চক্ৰৱৰ্তী, তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, শিক্ষাবিদ আদিৰ উপস্থিতিত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰায় ৭০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই বাচনি পৰীক্ষাত অৱতীৰ্ণ হয়। আজিৰ এই বাচনি পৰীক্ষাৰ পৰা ৫ গৰাকী ছাত্ৰ ছাত্ৰীক নিৰ্বাচিত কৰি গুৱাহাটীস্থীত SPM LALAN’S কোচিং চেণ্টাৰত নীট পৰীক্ষাৰ বাবে ১১ মহীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে এইকেইগৰাকী ছাত্ৰ ছাত্ৰীক থকা খোৱাৰ সম্পূৰ্ণ বিনামূলীয়া সুবিধা প্ৰদান কৰিব। বিধায়ক গৰাকীৰ এনেধৰণৰ পদক্ষেপক তামুলপুৰীয়া ৰাইজেও ভূয়সী প্ৰশংসা কৰিছে।##

Exit mobile version