BTR NEWS

তামুলপুৰৰ বাবে এটা গৌৰৱজনক খবৰ! 🌟

Telegram

তামুলপুৰৰ বাবে এটা গৌৰৱজনক খবৰ! 🌟

 

তামুলপুৰ জিলাৰ কাৰখেলা (খৈৰাণী) গাঁওৰ নিৱাসী শ্যাম চেত্ৰী আৰু অৰ্মিতা দেৱীৰ জ্যোতি দেৱী অসম ক্ৰিকেট সন্থাৰ চিনিয়ৰ মহিলা দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই খবৰ কেৱল পৰিয়ালটোলৈ নহয়, সমগ্ৰ তামুলপুৰবাসীৰ বাবে এক গৌৰৱৰ বিষয়।

🔹 ৭ জুলাইৰ পৰা আৰম্ভ হ’ব লগা নামিবিয়া এক্সপজাৰ ট্যুৰত ৫ খন এদিনীয়াৰ খেলত অংশগ্ৰহণৰ বাবে অসমৰ মহিলা আৰু পুৰুষ ক্ৰিকেট দল দুয়োটা নামিবিয়ালৈ ৰাওনা হ’ব।

 

🔹 সৰু বয়সৰে পৰা ক্ৰিকেটৰ প্ৰতিআকৃষ্ট জ্যোতিয়ে বিগত ৭ বছৰ ধৰি অসম ক্ৰিকেট সন্থাৰ অধীনস্থ অসম ক্ৰিকেট একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। তেওঁৰ এই সফলতাৰ আঁৰত আছে কঠোৰ পৰিশ্ৰম, দৃঢ় মনোবল আৰু পৰিয়ালৰ অবিৰত সহায়-সহযোগ।

 

এই শুভ খবৰত—

 

🎉 জ্যোতি দেৱীক জনালো অলেখ শুভকামনা। তেওঁৰ আগন্তুক ক্ৰিকেট যাত্ৰা জাতীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়া হোক, এই আশাই ৰাখিলো।

 

👏 তামুলপুৰ জিলা ক্ৰিকেট সন্থা সদায় অঞ্চলটোৰ প্ৰতিভাবান খেলুৱৈ উলিয়াবলৈ দিন-ৰাতি একান্ত চেষ্টা কৰি আছে। এই সাফল্যৰ পাছত আছে সংগঠনৰ সকল সদস্য, প্ৰশিক্ষক তথা অভিভাৱকসকলৰ একেলগীয়া পৰিশ্ৰম।

 

বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছো প্ৰশিক্ষক পৰাগ বৰ্মন ডাঙৰীয়ালৈ, যি খেলুৱৈসকলৰ প্ৰতিটো উন্নয়ন পৰ্যায়ে নিঃস্বার্থভাৱে সহায় কৰি আহিছে।

 

👉 তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ সম্পাদক হিচাপে মোৰ পক্ষৰ পৰা অসম ক্ৰিকেট সন্থাৰ মহিলা আৰু পুৰুষ খেলুৱৈ দল দুয়োলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো।

 

🏏 অসমৰ গৌৰৱ, তামুলপুৰৰ অহংকাৰ — জ্যোতি দেৱী

তোমাৰ সফলতা আগন্তুক প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ থাকক!

 

#JyotiDewi #TamulpurPride #AssamCricket #NamibiaTour #ACA #TamulpurCricketAssociation #WomensCricket #SportsNewsAssam #RisingStar

 

Exit mobile version