তামুলপুৰৰ পুৰাণ চ’কত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
পথ দুৰ্ঘটনাত শিশু সহ কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত।
তামুলপুৰ, ২৫ জুন।
তামুলপুৰৰ পুৰাণ চ’কত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত শিশু সহ কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে কুমাৰীকাটা দিশৰ পৰা অহা এ এছ ০৬ কিউ ৫৬৫৮ নম্বৰৰ আই 10 গাড়ী খনে এগৰাকী অগ্নিদগ্ধ লোকক চিকিৎসালয়লৈ আনি থকা অৱস্থাতে তামুলপুৰ কাউলিৰ এটা পৰিয়াল
কামাখ্যা মন্দিৰ দৰ্শন কৰি তামুলপুৰ দিশৰ পৰা কাউলিৰ ঘৰলৈ গৈ থকা এ এছ ০১ এফ এইচ ২৪৩৫ নম্বৰৰ ECO ভেন গাড়ীখনক আই 10 গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে খুন্দা মাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। পথ দুৰ্ঘটনাৰ খৱৰ লাভ কৰিয়ে তামুলপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত সকলক উদ্ধাৰ কৰি তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। পথ দুৰ্ঘটনাত জেহৰুল ইছলাম (২৪), ছহিদুল ইছলাম(২১), তাৰমিণা খাতুন(১৮), জ্যোৎস্না বেগম(৪৫) আৰু কাউলিৰ ৰাজীৱ দাস(২৩), অমান দাস(২০), সিবাংক চন্দ্ৰ(২১), নিকিতা চন্দ্ৰ(১৯), সংগীতা দাস(২২), সজিত দাস(২৪) আৰু ১৪ মহীয়া শিশু সুজতা দাস আহত হয়।তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে জেহৰুল ইছলামক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰু বাকি কেইজনক প্ৰাথমিক চিকিৎসাৰ অন্তত ঘৰলৈ যাব দিয়া হয়। ইপিনে তামুলপুৰ আৰক্ষীয়ে পথ দুৰ্ঘটনা সংঘটিত কৰা বাহন দুখন ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি তামুলপুৰ আৰক্ষী থানালৈ লৈ আনে।