তামুলপুৰৰ পাঁচটা পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ বুথ সন্মিলনঃ
বিটিআৰ নিৰ্বাচনক লৈ বুথ সন্মিলন ইউপিপিএল দলৰ
তামুলপুৰ, ১২ জুনঃ
তামুলপুৰ জিলাৰ ৬ টা পৰিষদীয় সমষ্টিৰ ভিতৰত আজি ৫ টা পৰিষদীয় সমষ্টিত ইউপিপিএল দলে বুথ সন্মিলন অনুষ্ঠিত কৰে। তামুলপুৰৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ গৃহ সমষ্টি গয়বাৰী সমষ্টিকে আদিকৰি নাগ্ৰীজুলি, দৰঙাজুলি, চুক্লাই চেৰফাং আৰু গোৰেশ্বৰ পৰিষদীয় সমষ্টিত অনুষ্ঠিত কৰে নিৰ্বাচনকেন্দ্ৰিক বুথ সন্মিলন। গয়বাৰী ব্লক ইউপিপিএলৰ সভাপতি নৰহৰি মহন্তৰ সভাপতিত্বত তামুলপুৰৰ কচুবাৰীস্থিত শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সন্মিলনখনৰ আঁত ধৰে গয়বাৰী ব্লক ইউপিপিএলৰ সম্পাদক নগেন নাথে। প্ৰায় পাঁচ সহশ্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সন্মিলনখনত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, তামুলপুৰৰ বিধায়ক তথা জিলা ইউপিপিএলৰ সভাপতি জলেন দৈমাৰী, সম্পাদক বানেশ্বৰ বড়ো, জিলা কোষাধ্যক্ষ বসন্ত তালুকদাৰ, তামুলপুৰ জিলা ইউপিপিএল নেতা জয়ন্ত শৰ্মা, এমচিএলএ মাধৱ ছেত্ৰীকে আদিকৰি কেইবাগৰাকীও ইউপিপিএল নেতাই আগন্তুক বিটিআৰ পৰিষদীয় নিৰ্বাচন সম্পৰ্কে বুথ সন্মিলনত খনত আলোচনা কৰে। আজিৰ এই সন্মিলনখনত ইউপিপিএল দলে পুনৰ বিটিচিৰ গাদি দখল কৰাৰ ৰণকৌশল প্ৰস্তুত কৰাৰ লগতে বিপিএফ দলক তীব্ৰ সমালোচনা কৰি ইউপিপিএল দলে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা বুলি নেতাসকলে দাবী উত্থাপন কৰে। সভাত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ গৃহ সমষ্টিৰ ১০২ টা বুথৰ সভাপতি সম্পাদকৰ লগতে দলটোৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে। বুথ সন্মিলন খনৰ অন্ততঃ ৰাজ্য সভাৰ সাংসদ ৰনগৌৰা নাৰ্জাৰীয়ে সাংবাদিকৰ আগত কয় যে– আজিৰ দিনত বিটিআৰৰ ৪০ টা সমষ্টিত নিৰ্বাচন খেলিব পৰা শক্তি ইউপিপিএল দলৰ আছে। আমি সেই মতে কাম কৰি গৈছো। ইয়াত কোনে ৰাজনীতি কৰিব আহে বা নাহে সেইটো আমাৰ বিচাৰ্য্যৰ বিষয় নহয়। সাংবাদিক আন এক প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে কয়– হাগ্ৰামাৰ সমষ্টিত আমি ১০ হেজাৰ হিতাধিকাৰী লৈ সভা কৰিছোঁ। তাত ৰাইজৰ আমাৰ প্ৰতি সমৰ্থন আছে। হাগ্ৰামা মহিলাৰীৰ নিজৰ সমষ্টিতে তেওঁ এইবাৰ জয়ী হব নোৱাৰে বুলিও মন্তব্য কৰে।