BTR NEWS

তামুলপুৰৰ পশ্চিম গয়বাৰীত অখণ্ড হৰিনাম যজ্ঞ।

Telegram

তামুলপুৰৰ পশ্চিম গয়বাৰীত অখণ্ড হৰিনাম যজ্ঞ।

 

তামুলপুৰ, ৯ জানুৱাৰীঃ

 

তামুলপুৰৰ পশ্চিম গয়বাৰীত আজিৰে পৰা শুভাৰম্ভ কৰা হৈছে শ্ৰীশ্ৰীতাৰক ব্ৰহ্ম অখণ্ড হৰিনাম যজ্ঞ ও মহাপ্ৰভুৰ ভোগৰাগ মহোৎসৱ। চাৰিদিনীয়া বৰ্ণাঢ্য ধৰ্মীয় কাৰ্যসূচীৰে আজিৰে পৰা শুভাৰম্ভ কৰা অনুষ্ঠানটোত পুৱাৰ ভাগত স্বচ্ছ অভিযান, ধৰ্মীয় ধ্বজা উত্তোলন, মুখ্যদ্বাৰ উন্মোচন, বৃক্ষৰোপন, কাৰ্য্যালয় উদ্বোধন আদি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

ঠিক তেনেদৰে আগন্তুক ১০, ১১ আৰু ১২ জানুৱাৰীৰ বিভিন্ন ধৰ্মীয় কাৰ্যসূচীত সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে। আজিৰ এই অনুষ্ঠানটোত ফিটা কাতি শুভ উদ্বোধন কৰে বিটিআৰৰ পৰ্যটন বিভাগৰ ইএম ধৰ্মনাৰায়ণ দাসে। আনহাতে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰকৃতিপ্ৰেমী মাধৱ ছেত্ৰী আৰু তিলক বাহাদুৰ খড়কাই বৃক্ষৰোপন কৰি প্ৰকৃতিখন সেউজীয়া কৰি ৰাখিবলৈ অৰিহণা যোগায়।

Exit mobile version