BTR NEWS

তামুলপুৰৰ নাগ্ৰিজুলীৰ হস্তীনাপুৰ গাঁওৰ পৰা নিৰুদ্দেশ এগৰাকী যুৱক।

Telegram

 

তামুলপুৰৰ নাগ্ৰিজুলীৰ হস্তীনাপুৰ গাঁওৰ পৰা নিৰুদ্দেশ এগৰাকী যুৱক। বিগত প্ৰায় ১৫ দিন ধৰি ঘৰৰ পৰা নিৰুদ্দেশ যুৱক গৰাকীক শেহতীয়াকৈ বঙাইগাঁও জিলাৰ চাকলা নামৰ ঠাইত এগৰাকী সচেতন নাগৰিকে পাই চিৰাং জিলাৰ কয়লা-ময়লা শিশু সুৰক্ষা গৃহত চমজাই দিয়াৰ লগতে পৰিয়ালৰ সৈতে যোগাযোগ কৰে যদিও দুৰ্ভাগ্যজনক ভাৱে উক্ত শিশু সুৰক্ষা গৃহৰ পৰাও সম্প্ৰতি নিৰুদ্দেশ হৈ পৰে যুৱক গৰাকী।যুৱক গৰাকীৰ পৰিয়ালৰ লোকে ইতিমধ্যে চিৰাং জিলাৰ শিশু সুৰক্ষা গৃহৰ পৰা পুনৰ নিৰুদ্দেশৰ খবৰ পাই চিন্তিত হৈ পৰে। সম্প্ৰতি নিৰুদ্দেশ হোৱা যুৱক গৰাকীৰ পৰিয়াল তথা আত্মীয়ই বঙাইগাঁও জিলা প্ৰশাসনৰ লগতে শিশু সুৰক্ষা বিষয়াক উক্ত যুৱক গৰাকীক পুনৰ উদ্বাৰ কৰি দুৰ্ভোগীয়া পৰিয়ালটোক চমজাই দিয়াৰ বাবে জনাইছে কাতৰ অনুৰোধ। মুখেৰে মাতিব নোৱাৰা তথা মানসিক ভাবে কিছু দুৰ্বল যুৱক গৰাকীক কোনো সদাশয় ব্যক্তিয়েও প্ৰত্যক্ষ কৰিলে স্থানীয় আৰক্ষী প্ৰশাসন অথবা 6001817377,9101391210,8638401746 নম্বৰত যোগাযোগ কৰিবৰ বাবে পৰিয়াল তথা আত্মীয়ই জনাইছে অনুৰোধ।

Exit mobile version