BTR NEWS

তামুলপুৰৰ নতুন বজাৰত আক্ৰাছুৰ ২৪ তম ছহিদ দিৱস উৎযাপন।

Telegram

তামুলপুৰৰ নতুন বজাৰত আক্ৰাছুৰ ২৪ তম ছহিদ দিৱস উৎযাপন।

 

তামুলপুৰ ৭ জানুৱাৰী

 

তামুলপুৰ জিলাৰ কুমাৰীকাটা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু মহিলা সমিতিৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে ২৪ তম ছহিদ দিৱস পালন কৰা হয়। ছহিদ দিৱসৰ লগত সংগতি ৰাখি দিনৰ ১ বজাত অভ্যৰ্থনা সমিতিৰ সভাপতি দিপক ৰায়ৰ সভাপতিত্ব অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে কয়— জাতিক ভাল পাবলৈ হ’লে প্ৰথমে নিজক ভাল পাব লাগিব। নিজৰ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি বজাই ৰাখিব লাগিব।

 

 

জনগোষ্ঠীৰ কাৰ্যসূচী সমুহৰ নিজৰ সজা পোছাক পৰিধান কৰি আহিব লাগিব তেতিয়া হে নিজৰ জনগোষ্ঠীটো জীয়াই থাকিব। ভাষণ প্ৰসংগত পুণৰ কয়— নিজৰ জনগোষ্ঠীটোক আগুৱাই নিবলৈ হ’লে নিজে নিজে দায়িত্ব ল’ব লাগিব। আমাৰ অঞ্চল সমুহ আগুৱাই নিবলৈ হ’লে অসামাজিক কাম কাজ এৰি জাতিটোক আগুৱাই লৈ যাব লাগিব বুলিও মন্তব্য কৰে। বিটিআৰ কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকাৰী সভাপতি কেশৱ ৰাজবংশীয়ে আনুষ্ঠানিকভাৱে মুকলি সভাখন উদ্বোধন কৰি কয়—কোচ ৰাজবংশী জনগোষ্ঠীটো সামাজিক, আৰ্থসামাজিক ভাৱে আজিও বহু পিছ পৰি আছে। জনগোষ্ঠীটো আগুৱাই নিবলৈ হ’লে আমি সকলোৱে একগোট হৈ কাম কাজ কৰিব লাগিব।

 

কোচ ৰাজবংশী জনগোষ্ঠীটোৰ মূলত প্ৰধান সমস্যা হৈছে জনজাতি কৰণ আৰু ভূমিৰ সমস্যা। এই সমূহ সমস্যা সমূহ সমাধান হ’লে জনগোষ্ঠীটো আগুৱাই যাব বুলিও মন্তব্য কৰে। উৎযাপন সমিতিৰ সম্পাদক মতিকান্ত বৰ্মনে আত ধৰা মুকলি সভাখনত আক্ৰাছুৰ যুটিয়া সাধাৰণ সম্পাদক কপিল দেব সিংহ, আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক শংকৰ ৰাজবংশী, তামুলপুৰ জিলা আৰছুৰ মুখ্য উপদেষ্টা পূৰ্ণ ৰাভা, বিশিষ্ট সমাজকৰ্মী সবেন নাৰ্জাৰীৰ লগতে কেইবাগৰাকীও আক্ৰাছুৰ নেতা কৰ্মী উপস্থিত থাকে। ইপিনে পুৱাৰ ভাগত পতাকা উত্তোলন, ছহিদ বেদীত মাল্যাৰ্পণ, গছপুলি ৰোপণৰ লগতে কুমাৰীকাটা আঞ্চলিক আক্ৰাছুৰ স্থায়ী কাৰ্যালয় উদ্বোধন হয়। সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক সন্ধিয়াৰে ছহিদ দিৱসৰ সামৰণি পৰে।

Exit mobile version