BTR NEWS

তামুলপুৰৰ নতুনখুটিত পথ দুৰ্ঘটনাত মৃত্যু এজনৰ।

Telegram

তামুলপুৰৰ নতুনখুটিত পথ দুৰ্ঘটনাত মৃত্যু এজনৰ।

 

যোৱা নিশা তামুলপুৰ জিলাৰ নাগ্ৰিজুলী আৰক্ষী চকীৰ অধীনৰ নতুনখুটিত এক পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয় নাগ্ৰিজুলী মণ্ডল বিজেপিৰ, ৩১ নং নাৰায়ণপুৰ বুথ সমিতিৰ সভাপতি মিন্টু দাসে(৪৫)। জানিব পৰা মতে, বিয়লি নাগ্ৰিজুলী বজাৰৰ পৰা এএছ ০১ডি০ ৫৩১২ নম্বৰৰ নিজা বাহনেৰে নতুনখুটি হৈ নাৰায়্ণপুৰস্থিত বাসভৱনল অভিমুখে আহি থকা অৱস্থাত পথৰ কাষত নিয়ন্ত্ৰণ হেৰুৱাই পৰি গৈ গুৰুতৰভাৱে আহত হয়। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত মিন্টু দাসক নাগ্ৰিজুলী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকৰ পৰামৰ্শ অনুসৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পথত মৃত্যুক সাৱটি লয় দাসে। আজি দাসৰ মৃতদেহ মৰুনত্বৰ পৰীক্ষা সম্পন্ন কৰি স্ব গৃহলৈ অনাৰ লগে লগে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলজুৰি।তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ দাসৰ উপস্থিতিত জিলা আৰু নাগ্ৰিজুলী মণ্ডল বিজেপিৰ কাৰ্যকর্তাৰ লগতে আত্মীয় বন্ধু-বান্ধৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পৰিয়ালৰ দুখৰ সমভাগি হয়। বৃহত্তৰ কাউলী অঞ্চলৰ এগৰাকী সৰবৰাহকাৰী যুৱক হিচাবেও পৰিচিত মিন্টু দাসে মৃত্যুৰ সময়ত দুই পুত্ৰ সন্তান,পত্নী,মাতৃক এৰি সংসাৰৰ মায়া ত্যাগ কৰে।মিন্টু দাসৰ অকাল বিয়োগত সমগ্ৰ নাগ্ৰিজুলী,কাউলী অঞ্চলত শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়।

Exit mobile version