তামুলপুৰৰ দলাপাৰাত মৰ্টাৰ বিস্ফোৰণ: এজন কিশোৰ নিহত, দুজন আহত

Telegram

তামুলপুৰৰ দলাপাৰাত মৰ্টাৰ বিস্ফোৰণ: এজন কিশোৰ নিহত, দুজন আহত

 

তামুলপুৰ জিলাৰ ভাৰত-ভুটান সীমান্তৰ বগাজুলিৰ দলাপাৰা গাঁওত আজি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ঘৰলৈ ওচৰতে বৈ যোৱা এখন ডোং (পাহাৰীয়া খাল)-ৰ পৰা বুটলি অনা মৰ্টাৰটোৰে খেলি থাকোতে হঠাৎ বিস্ফোৰণ ঘটে, যাৰ ফলত এজন কিশোৰ নিহত হয় আৰু দুজন গুৰুতৰভাৱে আহত হয়।

 

নিহত কিশোৰজন হৈছে সপ্তম শ্ৰেণীত পঢ়া ইমা বড়ো (১৪)। আহত হৈছে পঞ্চম শ্ৰেণীৰ ছাত্ৰ মহিত বসুমতাৰী (১০) আৰু স্থানীয় গাঁওবাসী নিজৰা ৰামচিয়াৰী (৩০)। বিস্ফোৰণৰ তীব্ৰতাত ঘটনাস্থলীতেই ইমা বড়োৰ মৃত্যু হয়।

 

আহত মহিত আৰু নিজৰা ৰামচিয়াৰীক সংকটজনক অৱস্থাত নালবাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক আৰু তামুলপুৰৰ বিধায়ক। বিস্ফোৰণটো কেনেদৰে ঘটিল, মর্টাৰটো ক’ৰ পৰা আহিছিল, সেই সন্দর্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

 

এই দুৰ্ঘটনাই সীমান্ত এলেকাত অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ সহজ প্ৰৱেশৰ বিষয়ত নতুনকৈ চিন্তা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি কৰিছে। গাঁওবাসীয়ে ঘটনাটোক গভীৰ দুখেৰে গ্ৰহণ কৰিছে আৰু সন্তানের সুৰক্ষাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে।

 

ঘটনাটোৰ সম্পূৰ্ণ তদন্তৰ পাছত আৰু অধিক তথ্য প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে।

 

  • Related Posts

    ফেমিনা ইণ্ডিয়াৰ মেগাজিনৰ মুকলি পৃষ্ঠাত স্থান পালে অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ মেজৰ দ্বীপান্বিতা কলিতা

    Telegram

    TelegramTweetফেমিনা ইণ্ডিয়াৰ মেগাজিনৰ মুকলি পৃষ্ঠাত স্থান পালে অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ মেজৰ দ্বীপান্বিতা কলিতা অসমৰ স্বাভিমান! ধেকিয়াজুলিৰ (জিলা – শোণিতপুৰ) গৰ্ব, মেজৰ দ্বীপান্বিতা কলিতাই মহিলা পেৰাট্ৰুপাৰ হিচাপে ইতিহাস গঢ়াৰ পিছত…

    অক্টোবৰত ১৩ হাজাৰ নিযুক্তি, কিন্তু শিক্ষক নিযুক্তিত জটিলতা — দ্বিতীয় CUT OFF তালিকাৰ অপেক্ষাত আবেদনকাৰী

    Telegram

    TelegramTweetঅক্টোবৰত ১৩ হাজাৰ নিযুক্তি, কিন্তু শিক্ষক নিযুক্তিত জটিলতা — দ্বিতীয় CUT OFF তালিকাৰ অপেক্ষাত আবেদনকাৰী   গুৱাহাটী, ৩০ জুলাই, ২০২৫   অসম চৰকাৰে অহা অক্টোবৰৰ ভিতৰত ১৩,000ৰো অধিক পদত নিযুক্তি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *