BTR NEWS

তামুলপুৰৰ দলংপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা 

Telegram

তামুলপুৰৰ দলংপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা 

 

তীব্ৰ বেগী বুলেটৰ খুন্দাত নিহত মহিলা

 

ৰমেন দাস,তামুলপুৰ,৫ আগষ্ট- তামুলপুৰ জিলাৰ ৰঙিয়া-ভূটান পথৰ দলংপাৰত আজি পুৱা ৬ -৩০ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা ৷ কুমাৰীকাটাৰ পৰা তামুলপুৰ অভিমুখে আহি থকা তীব্ৰ বেগী এখন বুলেটৰ (এএছ ০১ এফ কিউ ৮৭৪৯ ) খুন্দাত থিতাতে নিহত এগৰাকী মহিলা ৷নিহত মহিলা গৰাকীৰ নাম ৰোহিনী ৰাভা(৬০) বুলি জানিব পৰা গৈছে ৷ দূৰ্ঘটনাটোৰ ফলত গুৰুতৰ ভাৱে

আহত বুলেট খনৰ আৰোহী কাউলীৰ মেছগুৰিপ ৰাহুল বিশ্বাস (১৫) নামৰ এজন কিশোৰ ৷ তথ্য মতে আজি পুনা চাৰে ছয়মান বজাত ৰঙিয়া-ভূটান পথেৰে ৰাহুল বিশ্বাস নামৰ কিশোৰ জনে এখন বুলেটেৰে কুমাৰীকাটাৰ পৰা তামুলপুৰ অভিমুখে তীব্ৰ বেগেৰে আহি থাকোতে দলংপাৰত নিয়ন্ত্ৰণ হেৰুৱাই মহিলা গৰাকীক খুন্দিয়াই বহু দুৰ চোঁচৰাই নি বাইকৰ পৰা ওলায় পথৰ ওপৰত চিটিকি পৰে ৷ আনহাতে বুলেট খন পথৰ কাষৰ খাৱৈত পৰি যায় ৷ ইপিনে বুলেট প্ৰচণ্ড খুন্দা সোঁ হাত চিঙি যোৱাৰ লগতে মুৰত গুৰুতৰ ভাৱে আঘাত পোৱা মহিলা গৰাকীৰ থিতাতে মৃত্যু হয় ৷ তথ্য মতে অ বিবাহিত তথা দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ৰোহিনী ৰাভা নামৰ মহিলা গৰাকীয়ে আজি পুৱা নিজৰ পোহনীয়া গাহৰীৰ কাৰনে কচু কাটিবলৈ ঘৰৰ পৰা ওলায় আহোতে নিজৰ পদুলি মুখতে বুলেট খুন্দিয়াই চোঁচৰাই নিয়ে ৷ দূৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই তামুলপুৰ আৰক্ষীৰ এটা দল ঘটনা স্থলীত উপস্থিত হৈ মৃত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে গুৰুতৰ ভাৱে আহত কিশোৰ জনক চিকিৎসালয়ত ভৰ্তী কৰায়৷

Exit mobile version