তামুলপুৰৰ জ্যেষ্ঠ সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক নাগেশ্বৰ ডেকাৰ মৃত্যুঃ
৬ নৱেম্বৰঃ
তামুলপুৰৰ জ্যেষ্ঠ সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক নাগেশ্বৰ ডেকাই আজি পুৱতি নিশা ৭৩ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে ৷ তামুলপুৰ চাৰাংবাৰী গাঁৱৰ বাসিন্দা নাগেশ্বৰ ডেকা বিগত কেইমাহমান ধৰি কৰ্কটৰোগত আক্ৰান্ত হৈ আছিল ৷ আজি পুৱা জ্যেষ্ঠ সমাজকৰ্মী গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে তেওঁৰ গুণমুগ্ধ সকলে তেওঁৰ ঘৰলৈ আহি মৃতকক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ ইয়াৰ পিছত তেওঁৰ মৃতদেহ পুষ্পসজ্জিত এখন বাহনেৰে তেওঁৰ জন্ম গাঁৱলৈ লৈ যোৱা হয় ৷ তাত তেওঁ প্ৰতিষ্ঠা কৰা গোৱালবিল প্ৰাথমিক বিদ্যালয়, স্থানীয় নামঘৰ আদিত ৰাখি গুণমুগ্ধ সকলে শেষ শ্ৰদ্ধা জনোৱাৰ পিছত পুনৰ তামুলপুৰৰ চাৰাংবাৰী গাঁৱলৈ আনি শেষ কৃত্য সম্পন্ন কৰা হয় ৷ অৱসৰপ্ৰাপ্ত শিক্ষক তথা জ্যেষ্ঠ সমাজকৰ্মী গৰাকী মৃত্যুৰ সময়লৈকে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সতে জৰিত আছিল৷ মৃত্যুৰ সময়ত তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষক পত্নী,দুজন পুত্ৰ-বোৱাৰী,নাতি নাতিনী,জী -জোৱাই, বহু সংখ্যক আত্মীয় -কুটুম্ব আৰু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়৷ ###