তামুলপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী পৰ্যৱেক্ষকৰ সভা

Telegram

তামুলপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী পৰ্যৱেক্ষকৰ সভা

তামুলপুৰ, ১৬ ছেপ্টেম্বৰঃ

 

আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী পৰ্যৱেক্ষকদ্বয় অতুল কুমাৰ শৰ্মা আৰু ক্ষিতীশ চন্দ্ৰ পেগুৰ উপস্থিতিত নিৰ্বাচনী ব্যয় সম্পৰ্কীয় এখন সভা অনুষ্ঠিত হয়। সভাত ষ্টাৰ কেম্পেইনাৰৰ উপস্থিতি, নগদ ধন জব্দ, অবৈধ সুৰা জব্দ তথা মজুতকৰণ আদি সম্পৰ্কত নিয়োজিত বিষয়াসকলৰ লগত আলোচনা কৰি সকলো তথ্য দৈনিক জমা দিবলৈ আহ্বান জনোৱা হয়। লগতে বিষয়াসকলে কৰ্তব্যৰ সময়ত কিবা অসুবিধা পাইছে নেকি সেই সম্পৰ্কেও নিৰ্বাচনী পৰ্যৱেক্ষকদ্বয়ে জানিবলৈ বিচাৰে। আজিৰ সভাত অতিৰিক্ত জিলা আয়ুক্ত হেমাশ্ৰী খনিকৰ, নিৰ্বাচনী পৰ্যৱেক্ষকৰ প্ৰ’টকল বিষয়া কিংশুক ৰক্তিম কুমাৰ আৰু সুশান্ত বৰগোঁহাইকে ধৰি নিৰ্বাচনী আচৰণ বিধিৰ লগত জড়িত সকলো বিষয়া উপস্থিত আছিল।

  • Related Posts

    ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*

    Telegram

    TelegramTweet*ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ ২০২৫* : বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২৬-দৰঙাজুলি, ২৭-নাগ্ৰীজুলি আৰু ২৯-শুক্লাই ছেৰফাং সমষ্টিৰ নিৰ্বাচনী পৰ্যৱেক্ষক হিচাপে নিযুক্ত অতুল কুমাৰ…

    ৬৮ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি গঠন ।

    Telegram

    TelegramTweet৬৮ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি গঠন ================================= তামুলপুৰ ১৫ ছেপ্তেম্বৰ:-   তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ এখন সাধাৰন সভা যোৱাকালি আবেলি তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ প্ৰাঙ্গনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *