
তামুলপুৰৰ জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ।
তামুলপুৰ, ৬ জানুৱাৰীঃ
তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন সভাত জিলাখনৰ ৪৩ নম্বৰ তামুলপুৰ আৰু ৪৪ নম্বৰ গোৰেশ্বৰ বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। তামুলপুৰ জিলাৰ নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰা চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত ১,০৮,২৬৯ পুৰুষ ভোটাৰ, ১,০৭,৪৫৫ গৰাকী মহিলা ভোটাৰ তথা ২ গৰাকী অন্যান্য ভোটাৰ সহ সৰ্বমুঠ ২,১৫,৭২৬ গৰাকী ভোটাৰৰ বিপৰীতে ৪৪নং গোৰেশ্বৰ বিধানসভা সমষ্টিত ১,০২,৬৪৬ গৰাকী পুৰুষ ভোটাৰ, ১,০২,৪৪৪ গৰাকী মহিলা ভোটাৰ আৰু এগৰাকী অন্যান্য ভোটাৰ সহ সৰ্বমুঠ ২,০৫,০৯১ গৰাকী ভোটাৰ আছে। দুয়োটা বিধানসভা মিলি জিলাখনত সৰ্বমুঠ ৪,২০,৮১৭ গৰাকী ভোটাৰ আছে। ইয়াৰে ১৮-১৯ বছৰ বয়সৰ ভিতৰত ৪,৯৭২ গৰাকী, ৮৫ উৰ্ধৰ ১৭৬০ গৰাকী, সেৱা ভোটাৰ (Service Voters) ৬৮৫ গৰাকী, ভোটাৰ সংযোজন ১৩,৭৯৪ গৰাকী, এছ এছ আৰ (ক) ২০২৫ৰ সময়ত ৩,৮১১ গৰাকী, চূড়ান্ত তালিকা প্ৰকাশৰ পৰা বাদ পৰা ভোটাৰৰ সংখ্যা ৬,৮৭৩ গৰাকী তথা এছ এছ আৰ (খ) ২০২৫ৰ সময়ত ৪,০২২ গৰাকী ভোটাৰ আছে।