তামুলপুৰৰ জাৰতালুকত অঘটন  জৰাজীৰ্ণ বাঁহৰ দলংৰ পৰা স্কুটী সহ গভীৰ পানীত পৰিল এগৰাকী লোক ।

Telegram

তামুলপুৰৰ জাৰতালুকত অঘটন

জৰাজীৰ্ণ বাঁহৰ দলংৰ পৰা স্কুটী সহ গভীৰ পানীত পৰিল এগৰাকী লোক

 

কথমপি প্ৰাণৰক্ষা

 

ৰমেন দাস,তামুলপুৰ,১৩ নৱেম্বৰ- তামুলপুৰ জিলাৰ অন্তৰ্গত জাৰতালুকত আজি সংঘটিত হয় এক ভয়ংকৰ অঘটন ৷ জৰাজীৰ্ণ বাঁহৰ দলঙৰ ওপৰেৰ স্কুটীৰে পাৰ হ’ব খোজোতেই স্কুটী সহ গভীৰ পানীত পৰে এগৰাকী লোক ৷ সেই সময়ত পথেৰে গৈ থকা এজন লোকে স্কূটী সহ এজন লোক বাঁহৰ দলঙৰ পৰা পৰি যোৱা প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত

স্থানীয় লোক ওলায় আহে ৷ পাছত একাংশ স্থানীয় লোকৰ তৎপৰতা গভীৰ পানীত ককবকাই থকা লোক জনক উদ্ধাৰ কৰাত কথমপি প্ৰাণ ৰক্ষা পৰে ৷ তথ্যমতে, বাগসা জিলাৰ মহিনা বুন্নিবাৰীৰ ৰতন মোছাহাৰী নামৰ লোক জনে আজি তামুলপুৰ পৰা নিজ ঘৰলৈ গৈ থাকোতে জাৰতালুকত পাগলদিয়া নদীৰ বাঢনী পানীৰ উল্টাখাণ্ডাই পথৰ ওপৰত সৃষ্টি কৰা বৃহৎ পুখুৰী এটাৰ ওপৰত থকা জৰাজীৰ্ণ বাঁহৰ দলং খনেৰে পাৰ হ’ব ধৰোতেই দলঙৰ পৰা স্কুটী সহ পৰি যায়৷ স্থানীয় লোকে কেইবাঘন্টাৰ মুৰত পানীৰ গভীৰতাৰ পৰা উদ্ধাৰ কৰে স্কুটী খন ৷ স্থানীয় লোকৰ অভিযোগ কেইবছৰমান আগতে পাগলাদীয়া নদীৰ বাঢ়নী পানীয়ে জাৰতালুক- ধমধমা সংযোগী পথৰ প্ৰবল উল্টা খাণ্ডাৰ সৃষ্টি কৰি পথটো চিঙি পেলাইছিল ৷ পৰবৰ্তী সময়ত স্থানীয় ৰাইজে গাঁঠিৰ ধন খৰচ কৰি এখন বাঁহৰ দলং সাজি যাতায়ত কৰিছিল ৷ স্থানীয় ৰাইজৰ অভিযোগ জাৰতালুকত পাগলাদিয়া নদীয়ে সৃষ্টি কৰা উল্টাখাণ্ডা অংশ পূটি পথটোত এখন পকী দলম নিৰ্মান কৰি দিবলৈ স্থানীয় বিধায়ক,স্থানীয় এমচিএল তথা বিভাগীয় কতৃপক্ষক বহু অনুনয় বিননয় কৰাৰ পাছতো আজিলৈকে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে ৷

  • Related Posts

    কচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন। 

    Telegram

    TelegramTweetকচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন।      তামুলপুৰঃ৩০ আগষ্টঃ     তামুলপুৰৰ কচুবাৰীত আজি এক মাংগলিক পৰিৱেশত এটি শনি মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয়।হেমচিং বড়োৰ পৰিয়ালবৰ্গই দান কৰা উক্ত ভূমিত…

    বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত  ৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।

    Telegram

    TelegramTweetবিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত  ৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।   বিটিচিৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰিও ফলাফল ঘোষণা কৰিব নোৱাৰাৰ উপৰিও বিটিআৰ স্পেচিয়েল টেটৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *