তামুলপুৰৰ জামুগুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
ডাম্পাৰৰ খুন্দাত নিহত এক
ৰমেন দাস,তামুলপুৰ,২৮ মে’- তামুলপুৰ জিলাৰ জামুগুৰী চ’কত আজি সন্ধিয়া আঠ মান বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা ৷ তীব্ৰ বেগী ডাম্পাৰ এখনে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় এগৰাকী যুৱতি ৷ নিহত যুৱতি গৰাকী হাজাৰাগাঁওৰ তৰেন মুণ্ডাৰ জীয়ৰী চনু মুণ্ডা (২০) বুলি জানিব পৰা গৈছে ৷ তথ্য মতে আনৰ ঘৰত দিনহাজিৰা কৰা চুনু মুন্দা নামৰ যুৱতি গৰাকীয়ে সন্ধিয়া নিজ গৃহলৈ খোজকাঢ়ি আহি থাকোতেই জামগুৰী চ’কৰ
সমীপতে তীব্ৰ বেগী ডাম্পাৰ এখনে মহতিয়াই লৈ যায় ৷ ডাম্পাৰে মহতিয়াই নিয়াৰ ফলত যুৱতী গৰাকীৰ শৰীৰ ছিন্ন ভিন্ন হৈ পৰে ৷ দূৰ্ঘটনাটো প্ৰত্যক্ষ কৰি কেইজনমান পথচাৰীয়ে চিঞৰ বাখৰ লগাই যদিও দূৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰ খন তীব্ৰ বেগে আতৰি যায় ৷ পিছত কোনো লোকে আৰক্ষীত খবৰ দিয়ে ৷ দূৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে কুমাৰীকাটা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কূলদীপ গোঁহাই সহ আৰক্ষীৰ এটি দল ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী চ’কলৈ লৈ যায় ৷ দূৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷