তামুলপুৰৰ গুৱাবাৰীত স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী পালন। শুভ উদ্বোধন কৰা হল নৱ নিৰ্মিত ভৱন।

Telegram

তামুলপুৰৰ গুৱাবাৰীত স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী পালন। শুভ উদ্বোধন কৰা হল নৱ নিৰ্মিত ভৱন।

 

তামুলপুৰ জিলাৰ গুৱাবাৰীত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন নাগ্ৰিজুলী আঞ্চলিকৰ উদ্যোগত আৰু তামুলপুৰ জিলাৰ সহযোগত আজি স্বামী বিবেকানন্দৰ জন্মজয়ন্তী পালন কৰা হয়। ১৮৬৩ চনৰ ১২ জানুৱাৰীত জন্মগ্ৰহণ কৰা স্বামী বিবেকানন্দৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আজিৰ দিনটোতে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন নাগ্ৰিজুলী আঞ্চলিক সমিতিৰ নৱ নিৰ্মিত স্থায়ী কাৰ্যালয় গৃহটি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা সংগঠনৰ পতাকা উত্তোলন কৰাৰ পিছতে স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মাল্যৰ্পণ কৰে বি টি আৰৰ কাৰ্যবাহী সদস্য সজল সিংহই। একেদৰে, স্থানীয় পাৰিষদ তথা বি টি আৰৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্ম নাৰায়ণ দাসে আনুষ্ঠানিক ভাবে এক মাংগলীক পৰিৱেশত নৱ নিৰ্মিত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন,নাগ্ৰিজুলী আঞ্চলিক সমিতিৰ স্থায়ী কাৰ্যালয় গৃহটি ফিতা কাটি শুভ উদ্বোধন কৰে। ইয়াৰ পিছতে, নাগ্ৰিজুলী আঞ্চলিক সমিতিৰ সভাপতি মিথুন দাসৰ সভাপতিত্বত অনুষ্ঠিত এক মুকলি সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাবে ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দীপক দেই অংশগ্ৰহণ কৰি স্বামী বিবেকানন্দৰ জীৱন গাঁথা সম্পৰ্কে কিছু বক্তব্য আগবঢ়াই কয় যে,আমি বৌদ্ধিক দিশত আগুৱাই নগলে ভৱিষ্যত দিনবোৰ যথেষ্ট কষ্ট হব।আমাৰ লৰা ছোৱালীক খেল ধেমালিৰ প্ৰতি আকৰ্ষিত কৰাৰ সমান্তৰাল ভাবে মূলত শিক্ষাত গুৰুত্ব প্ৰদান কৰিব লাগিব।আমি আমাৰ সমাজৰ মেধা ছাত্ৰ ছাত্ৰীক আগুৱাই নিয়াৰ পথ দেখুৱাব লাগিব। শিক্ষাৰ অভাৱত জাতি এটা অতি কম সময়ৰ ভিতৰতে ভাঙি যাব পাৰে। সেয়েহে সকলোৱে নিজ নিজ অঞ্চলৰ লৰা-ছোৱালীক বিভিন্ন মাধ্যমৰ দ্বাৰা শিক্ষাৰ প্ৰতি ধাউতি বৃদ্ধি কৰি সামাজিক ভাবে ঐক্যবদ্ধ হৈ থকাৰ আহ্বান কৰে। সভাত সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি শ্যামল সৰকাৰে অংশগ্ৰহণ কৰি বৰ্তমান সমাজ জীৱনৰ কেতবোৰ গুৰুত্বপূৰ্ণ মন্ত্যৱ আগবঢ়াই অঞ্চলটোৰ নব প্ৰজন্মই কম্পিউটাৰ শিক্ষাৰ বাবে নৱ নিৰ্মিত কাৰ্যালয় গৃহটিত এটা ডেক্সটপ প্ৰদান কৰিব বুলি ঘোষণা কৰে।একেদৰে মঞ্চত আন কেইবাজনো ব্যক্তিয়ে জাতিটোৰ উন্নয়ন আৰু সমস্যা সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্ত্যৱ আগবঢ়াই। শেষত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন তামুলপুৰ জিলাৰ সভাপতি দেৱব্ৰত সৰকাৰে শলাগৰ শৰাই আগবঢ়াই সামৰণি কৰে আজিৰ অনুষ্ঠান। আনহাতে উক্ত অনুষ্ঠানত অংশ লৈ তামুলপুৰ জিলা বিজেপিৰ সম্পাদক ভজন দাস, নাবাৰ্ডৰ প্ৰাক্তন বিষয়া হৰেন বিশ্বাস, ফেডাৰেচনৰ বাক্সা জিলাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান তামুলপুৰ জিলা দক্ষতা বিকাশৰ আহ্বায়ক পৰিমল শিল, যুৱ মৰ্চা অসম প্ৰদেশৰ ক্ৰীড়া বিভাগৰ সহ তত্ববধায়ক বাপপন দাসেও নব নিৰ্মিত কাৰ্যালয় গৃহটিত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী লগতে সংগঠনৰ বিষয় ববীয়া সকলৰ সুবিধাৰ বাবে কেতবোৰ আন্তঃগাঁঠনি আৰু কম্পিউটাৰ প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে। আজিৰ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক অধীৰ আৰ্য,বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি হৰেন দাস,প্ৰাক্তন ছাত্ৰ নেতা তথা বৰ্তমান নগ্ৰিজুলী মণ্ডল বিজেপিৰ সভাপতি শংকৰ দাস, সহ ছাত্ৰ সংগঠনটোৰ জিলা সম্পাদক শোধন্য বিশ্বাস, তামুলপুৰ জিলাৰ প্ৰতিটো আঞ্চলিকৰ সভাপতি সম্পদকৰ লগতে, স্থানীয় তিনি শতাধিক ৰাইজ। ‎

  • Related Posts

    নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*

    Telegram

    TelegramTweet*নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*   তামুলপুৰ, ১৩ ছেপ্টেম্বৰ, ২০২৫     সমাগত বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১২ ছেপ্টেম্বৰত নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৱে ৩০-গোৰেশ্বৰ (জনজাতি) সমষ্টিৰ…

    তামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ* _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_

    Telegram

    TelegramTweetতামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_   তামুলপুৰ, ১৩ ছেপ্টেম্বৰ, ২০২৫   তামুলপুৰ জিলাৰ বৰনগৰস্থিত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বডোলেণ্ড প্ৰাদেশীয় পৰিষদৰ নিৰ্বাচন উপলক্ষে আজি “ইছ্যু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *