
তামুলপুৰৰ খৈৰাণীত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন।
তামুলপুৰ, ১ নৱেম্বৰঃ
সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে তামুলপুৰ জিলাৰ অন্তৰ্গত খৈৰাণী চাৰিআলিত অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত পতাকা উত্তোলন কৰে সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থা তামুলপুৰ জিলা সমিতিৰ সভাপতি মনিকুমাৰ অধিকাৰীয়ে।
উক্ত কাৰ্যসুচীত উপস্থিত থাকে সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থা তামুলপুৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আনন্দ ৰামচিয়াৰী, সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক উপেন ৰাভা, তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক কানু মুৰ্মু, খৈৰাণী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা মাৰিয়ামপুৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক টেকনাথ উপাধ্যায়, খৈৰাণী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী দুৰ্গা প্ৰসাদ দাহাল, কৃষ্ণ প্ৰসাদ দাহাল, ভীম গড়তোলা, অসম নেপালী সাহিত্য সভা তামুলপুৰ জিলা সমিতিৰ সহকাৰী সম্পাদক তথা যুৱ সাংবাদিক সুমন গড়তোলাৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকল। এই সভাত আমন্ত্রিত অতিথি সকলক সম্বৰ্দ্ধনা জনোৱা হয়।