BTR NEWS

তামুলপুৰৰ কৃতী শিক্ষক ধৰনীধৰ ডেকাৰ পাৰলোক প্ৰাপ্তি  অঞ্চলটোত গভীৰ শোকৰ ছা

Telegram

তামুলপুৰৰ কৃতী শিক্ষক ধৰনীধৰ ডেকাৰ পাৰলোক প্ৰাপ্তি অঞ্চলটোত গভীৰ শোকৰ ছা

 

তামুলপুৰ ১জানুৱাৰী:-

 

তামুলপুৰ জিলাৰ অন্তৰ্গত এঘাৰমাইল ( বৰখোপা) নিৱাসী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক ধৰনীধৰ ডেকাৰ আজিপুৱা নিজ বাস ভৱনত ৯৫ বছৰ বয়সত ইহলীলা সম্বৰন কৰে ৷ বিশাল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত মাহেকীয়া আলোচনী ‘ বাৰ্তা পখিলীৰ ‘ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকাৰ পিতৃ ধৰনীধৰ ডেকাৰ বিয়োগে অঞ্চলটোত গভীৰ শোকৰ ছা পেলাইছে ৷ আজি নৱ বৰ্ষৰ প্ৰথম পুৱাই ধৰনীধৰ ডেকাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে আত্মীয় কুটুম্ব, চুবুৰীয়া আৰু গুনমুগ্ধলোকেৰে মৃতকৰ চোতাল ভৰি পৰে আৰু লোকসকলে অন্তিম শ্ৰদ্ধাঞ্জলী নিবেদন কৰে ৷ আজি পুৱা শতাধিক গুনমুগ্ধ ৰাইজৰ উপস্থিতিত নিজ বাসগৃহত অন্ত্যেষ্টিক্ৰীয়া সম্পন্ন কৰা হয় ৷জীৱিত কালত ডেকাই অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল ৷ মৃত্যৰ সময়ত চাৰিগৰাকী পুত্ৰ সন্তান আৰু দুগৰাকী কন্যা সন্তান ইহসংসাৰত এৰি থৈ যায়।

Exit mobile version