তামুলপুৰৰ কুমৰীকাটাত দহ শতাধিক লোকে যোগদান কৰিলে ইউপিপিএলত দলত।

Telegram

তামুলপুৰৰ কুমৰীকাটাত দহ শতাধিক লোকে যোগদান কৰিলে ইউপিপিএলত দলত।

 

তামুলপুৰ ১৮ জুলাই।

 

বিটিআৰ নিৰ্বাচনক লৈ বড়োভূমিত ৰাজনৈতিক দল সমূহৰ মাজত আৰম্ভ হৈছে ব্যাপক তৎপৰতা। বিজেপি, বিপিএফ আৰু ইউ পি পি এলে একক ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ৱ বুলি ঘোষণা কৰাৰ পাছতে গৰম হৈ উঠিছে বিটিআৰৰ নিৰ্বাচনী বতাহ । বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউ পি পি এলে দলেও এককভাৱে চৰকাৰ গঠনৰ লক্ষ্যৰে নামি পৰিছে নিৰ্বাচনী ৰণত । বিটিচিৰ ৪০ টা সমষ্টিতে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ’ৱ ইতিমধ্যে ঘোষণা কৰিছে ইউ পি পি এলে। সমষ্টিয়ে সমষ্টিয়ে তৃণমূল পৰ্যায়ত সাংগঠনিক সভা অনুষ্ঠিত কৰি শক্তি প্ৰদৰ্শন কৰিছে ইউপিপিএল দলে। আজি ২৭ নম্বৰ নাগ্ৰিজুলি পৰিষদীয় সমষ্টিৰ ১ নং পুৱা কুমাৰীকাটাত ইউ পি পি এল দলে এখন যোগদান সভা অনুষ্ঠিত কৰে। নাগ্ৰিজুলি ব্লক ইউ পিপিএলৰ সভাপতি হৰী গৌতমৰ সভাপতিত্ব অনুষ্ঠিত হোৱা যোগদান সভাত দহ শতাধিক লোকে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে। ১ নং পুৱা কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ মিৰজান আলীয়ে আঁত ধৰা‌ যোগদান সভাখত তামুলপুৰ বিধায়ক জলেন দৈমাৰী, চি ডাব্লও চিৰ সদস্য ধুন চুব্বা, তামুলপুৰ জিলা ইউপিপিএলৰ দলৰ সম্পাদক গনেশ নাথ, নাগ্ৰিজুলি ব্লক ইউপিপিএলৰ সাধাৰণ সম্পাদক ফুংগুলি মুছাহাৰীৰ লগতে তিনি শতাধিক লোক উপস্থিত থাকে।

  • Related Posts

    বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ত থকা ১৬টাকৈ জাতীয় সংগঠনে আজি ইউনাইটেড পিপল’স পাৰ্টি লিবাৰেল (UPPL)ৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়

    Telegram

    TelegramTweetবডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ত থকা ১৬টাকৈ জাতীয় সংগঠনে আজি ইউনাইটেড পিপল’স পাৰ্টি লিবাৰেল (UPPL)ৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ মুখ্য বিষয় আছিল—বডোলেণ্ড পিপল’স ফ্ৰণ্ট (BPF)ৰ সৈতে সম্ভাব্য একত্ৰীকৰণ সম্পৰ্কে…

    উচ্ছেদ প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম জাতীয় পৰিষদ (আনচিপি) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ দিনক দিনেই তীব্ৰ ৰূপ

    Telegram

    TelegramTweetউচ্ছেদ প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম জাতীয় পৰিষদ (আনচিপি) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ দিনক দিনেই তীব্ৰ ৰূপ লৈছে। দুয়ো পক্ষৰ নেতাই প্ৰতিদিনে একে-অন্যক লক্ষ্য…

    Leave a Reply

    Your email address will not be published. Required fields are marked *