BTR NEWS

তামুলপুৰৰ কুম্ভীঝাৰত শোকাৱহ ঘটনা  পুখুৰীত পৰি কৰুন মৃত্যু এটি শিশুৰ

Telegram

তামুলপুৰৰ কুম্ভীঝাৰত শোকাৱহ ঘটনা 

পুখুৰীত পৰি কৰুন মৃত্যু এটি শিশুৰ

 

তামুলপুৰ,১ জুলাই-

 

তামুলপুৰ জিলাৰ নাগ্ৰিজূলীৰ সমীপৰ কুম্ভীঝাৰত সংঘটিত হয় এক শোকাৱহ ঘটনা৷ পুখুৰীৰ পানীত পৰি কৰুণ মৃত্যু হয় এটি পঞ্চম শ্ৰেণীত অধ্যয়নৰত শিশু ছাত্ৰৰ ৷ মৃত শিশুটি কুম্ভীঝাৰ গাঁওৰ নাৰান মাৰ্ডীৰ একমাত্ৰ সন্তান সোনাৰাম মাৰ্ডী(১০) বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য মতে কুম্ভীঝাৰ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত সোনাৰামে কালি বিদ্যালয়পৰা পৰা আহি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আবেলি পৰত ঘৰৰ পৰা খেলিবলৈ ওলায় যায় সোনাৰাম ৷ ঘৰৰ পৰা ওলায় যোৱা পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল শিশুটি ৷ দিন হাজিৰা কৰা পিতৃ মাতৃ তথা আত্মীয়ই সন্ধিয়ালৈ সোনাৰাম ঘৰলৈ উভতি নহাত ইফালে সিফালে বিচাৰ খোচাৰ কৰে যদিও নিৰাশ হয় ৷ আজি পুৱা পুনৰ পৰিয়াল লোকে সোনাৰামক বিচাৰি ওলায় যাওতে গাঁওৰে কিছু দুৰৈত এটি পুখুৰীৰ পানীত ওপঙি থকা প্ৰত্যক্ষ কৰে ৷ লগে লগ পৰি়য়ালৰ লোকৰ মাজত হাহাকাৰ লাগে ৷ পিছত স্থানীয় লোকে পুখুৰীৰ পৰা সোনাৰামৰ মৃতদেহ উঠাই পাৰলৈ লৈ আহে ৷ ঘটনা সন্দৰ্ভত কোনো লোকে নাগ্ৰিজূলী আৰক্ষী থানাত খবৰ দিয়াত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুচেন দাসৰ লগতে আৰক্ষী দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

Exit mobile version