BTR NEWS

তামুলপুৰৰ কুমাৰীকাটা পতঞ্জলি আচাৰ্য কুলমত যোগাসন আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ।

Telegram

তামুলপুৰৰ কুমাৰীকাটা পতঞ্জলি আচাৰ্য কুলমত যোগাসন আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ।

তামুলপুৰ, ২২ জুন।

তামুলপুৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত তথা পতঞ্জলি যোগপীঠ ট্ৰাষ্টৰ সহযোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাহজোৰা যোগদিৱস পালনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আন্তঃৰাষ্ট্ৰীয় একাদশ সংখ্যক যোগদিৱসৰ লগত সংগতি ৰাখি আজি যোগাসন আৰু গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কুমাৰীকাটা পতঞ্জলি আচাৰ্য কুলমৰ খেলপথাৰত অনুষ্ঠিত কৰা যোগাসনত তামুলপুৰ জিলা প্ৰশাসন, জিলা স্বাস্থ্য সমিতি, পতঞ্জলি যোগপীঠৰ বিশেষজ্ঞ তথা পতঞ্জলি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলে অংশগ্ৰহণ কৰে। প্ৰায় পাঁচ শতাধিক লোকে যোগ দিৱসৰ প্ৰট’কল অনুসৰি যোগাসন কৰাৰ পিছতেই পতঞ্জলি যোগপীঠ ট্ৰাষ্টৰ উদ্যোগত পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ লগতে বনৰীয়া হাতীৰ বাবে গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পতঞ্জলি যোগপীঠ ট্ৰাষ্টে বনৰীয়া হাতীৰ বাবে চলিত মাহত সম্পূৰ্ণ এক লাখ গছপুলি ৰোপনৰ লক্ষ্য আগত ৰাখি আজিৰে পৰা আৰম্ভ হয় গছপুলি ৰোপন কাৰ্যসূচী। বিটিআৰৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীয়ে বন্তী প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা আজিৰ এই দিনজোৰা কাৰ্যসূচীত তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত হেমাশ্ৰী খনিকৰ, সহকাৰী আয়ুক্ত অনুপম ডেকা, কবিতা ফাংচ’, অৰুনিমা কাকতি, তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, বিটিআৰৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা, উত্তৰ পূৰ্বাঞ্চলৰ পতঞ্জলি যোগপীঠ ট্ৰাষ্টৰ মুখ্য প্ৰশাসনিক স্বাধ্বীস্বৰুপা মাতাজী, পতঞ্জলি আচাৰ্য কুলমৰ অধ্যক্ষ নৌজৰ বসুমতাৰীসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।###

Exit mobile version