
কুমাৰীকাটা আচাৰ্যকুলমৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ শুভাৰম্ভ —- খেলৰ জৰিয়তে আমি দেশৰ মান বঢ়াব পাৰোঁ — বিপুল সন্দিকৈ :
২০ ডিচেম্বৰ :
আমি ৰদত শুকাব লাগিব , বৰষুণত তিতিব লাগিব , বোকা গছকিব লাগিব । তেতিয়াহে আমি যিকোনো পৰিস্থিতিৰ সতে মোকাবিলা কৰিবলৈ সমৰ্থ হম — এই ভাষ্য অসমৰ সুদক্ষ খেলুৱৈ বিপুল সন্দিকৈৰ। ভাৰতীয় শিক্ষা বৰ্ডৰ দ্বাৰা পৰিচালিত তামুলপুৰ জিলাৰ অন্তৰ্গত কুমাৰীকাটাস্থিত আচাৰ্যকুলমৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আজি তেওঁ এই মন্তব্য আগবঢ়ায় । তেওঁ পুনৰ কয় খেলৰ জৰিয়তে আমি দেশৰ মান বঢ়াব পাৰোঁ । দেশক ৰক্ষা কৰিব পাৰোঁ । দেশক গৌৰাবান্বিত কৰিব পাৰোঁ , সমৃদ্ধিশালী কৰিব পাৰোঁ । অসম তথা ভাৰতবৰ্ষৰ ক্ৰীড়া ক্ষেত্ৰৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে বিগত সময়চোৱাত ক্রীড়া ক্ষেত্ৰত অসম তথা ভাৰতবৰ্ষই বহু উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে । ভাৰতবৰ্ষৰ ক্ৰীড়া ক্ষেত্ৰখন অধিক উন্নত কৰিবলৈ চেষ্টা অব্যাহত ৰখা হৈছে । অনুষ্ঠানত পতাকা উত্তোলন কৰি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে কয় ছাত্ৰ ছাত্ৰীসকলে নিজক প্ৰতিষ্ঠা কৰিবলৈ গুণগত শিক্ষাৰ প্ৰয়োজন । আমি নিজক জীৱনত প্ৰতিষ্ঠা কৰিবলৈ বিদ্যালয় স্তৰৰ পৰাই যত্ন কৰিব লাগিব । তেওঁ আকৌ কয় সপোনক বাস্তৱ ৰূপ দিবলৈ শিকায় শিক্ষায় । ছাত্ৰ ছাত্ৰীসকলৰ ঘৰুৱা পৰিবেশ যিয়েই নহওঁক নিজক প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব লাগিব । ঘৰুৱা সমস্যাই দেখা দিলেও পঢ়া ত্যাগ কৰিব নালাগিব । আচাৰ্যকুলম কুমাৰীকাটাৰ অধ্যক্ষ নজৰ বসুমতাৰী আৰু উপ অধ্যক্ষ ৰূপম চৌধুৰী পৰিচালনা কৰা অনুষ্ঠানত পূজ্যস্বাধী স্বৰূপ , বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক অভিভাৱকাসকল উপস্থিত থাকে । উল্লেখযোগ্য যে তিনি দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই সমাৰোহৰ অহা ২২ ডিচেম্বৰত সামৰণি পৰিব ।