BTR NEWS

তামুলপুৰৰ কাহিবাৰীত এমাহে নিৰুদ্দেশ এগৰাকী মহিলা।

Telegram

তামুলপুৰৰ কাহিবাৰীত এমাহে নিৰুদ্দেশ এগৰাকী মহিলা।

 

তামুলপুৰ, ১৪ মাৰ্চ

 

তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কাহিবাৰী গাঁওৰ হৰেণ ৰাভাৰ পত্নী ৰৈচুমৈ ৰাভা (৩৩) আজি এমাহ ধৰি নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কাহিবাৰী গাঁওত। জানিব পৰা মতে ৰৈচুমৈ ৰাভাই ৩১ জানুৱাৰী তাৰিখে তামুলপুৰ জিলাৰ কাদঙাস্থিত মাকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল আৰু ১ ফেব্ৰুৱাৰী মাকৰ ঘৰৰ পৰা কাহিবাৰীলৈ আহি থকা অৱস্থাত নিৰুদ্দেশ হয় মিহলা গৰাকী। স্বামী হীৰেণ ৰাভাই জনোৱা মতে দুপৰীয়া ভাগলৈ পত্নী ৰৈচুমৈ ৰাভাৰ সৈতে ফোনত যোগাযোগত আছিল যদিও আবেলি পৰত ৰৈচুমৈ ৰাভাৰ সৈতে কোনো যোগাযোগ নোহোৱাত চিন্তিত হৈ পৰে স্বামী, পৰিয়াল তথা ১৩ বছৰীয়া সন্তান। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও আজি পৰ্যন্ত মহিলা গৰাকীৰ কোনো সংসূত্ৰ পোৱা নাই। ইতিমধ্যে পৰিয়ালৰ লোকে তামুলপুৰ আৰক্ষী থানাত মহিলা গৰাকীৰ নিৰুদ্দেশ সম্পৰ্কে এখন এজাহাৰ দাখিল কৰে। কোনো লোকে মহিলা গৰাকীৰ সন্ধান পালে তামুলপুৰ আৰক্ষী থানা নাইবা ৬৯০০৯৭৩০৮৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে স্বামী তথা পৰিয়ালৰ লোকে।###

Exit mobile version