তামুলপুৰৰ কালানদীৰ বুকুত দিনে নিশা চলে অবৈধ খনন কাৰ্য্য
এক্সেভেটৰৰ বকেটে ছিঙি নিলে এগৰাকী মহিলা শ্ৰমিকৰ ডিঙি
তামুলপুৰ, ৩ ফেব্ৰুৱাৰীঃ
তামুলপুৰ জিলাৰ কুমাৰীকাটা বনবিভাগৰ অধীনস্থ কালানদীৰ শিল বালি মহলত অঘটন। কালি নিশা চলোৱা অবৈধ খনন কাৰ্য্যত এক্সেভেটৰৰ বকেটে ছিঙি নিলে এগৰাকী মহিলা শ্ৰমিকৰ ডিঙি। থিতাতে নিহত হয় অঞ্জনা দাস (৪৫) নামৰ মহিলা শ্ৰমিক গৰাকীৰ। খনন কাৰ্য্য চলোৱা ঠাইৰ পৰা এশ মিটাৰ দূৰত্বত উদ্ধাৰ হৈছে মহিলা শ্ৰমিক অঞ্জনা দাসৰ চিন্দ মুণ্ডন। অতি দৰিদ্ৰ পৰিয়ালৰ বিধবা মহিলা গৰাকীয়ে শিল বালি মহলত কাম কৰি থাকোতে সংঘটিত হয় উক্ত দূৰ্ঘটনাটো। নিশাই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় যদিও ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। ইপিনে কেনেদৰে দিনে নিশাই অবৈধভাৱে মহলত খনন কাৰ্য্য চলাই থকা হৈছে বুলিও অঞ্চলটোৰ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে। বনবিভাগ, জিলা প্ৰশাসনৰ ভুমিকাৰ ক্ষেত্ৰটো প্ৰশ্ন উত্থাপন কৰিছে অঞ্চলটোৰ সচেতন মহলে। এইক্ষেত্ৰত বিটিআৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৰ গৃহ জিলাত কিদৰে দিনে নিশাই অবৈধভাৱে খনন কাৰ্য্য চলাই থকা হৈছে বুলিও উদ্দেগ প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে। কাৰ চত্ৰচায়াত এনেদৰে নদীৰ বুকুত দিনে নিশাই অবৈধভাৱে খনন কাৰ্য্য চলাই থকা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰি অতিশীঘ্ৰে অবৈধ খনন কাৰ্য্য বন্ধ কৰাৰ লগতে অঞ্জনা দাসৰ পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিবলৈ চৰকাৰ প্ৰশাসনক দাবী উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে।