BTR NEWS

তামুলপুৰৰ কচুবাৰীত ১৮ সংখ্যক আন্ত:জিলা পুৰুষ – মহিলা খো খো প্ৰতিযোগিতা আৰম্ভ।

Telegram

তামুলপুৰৰ কচুবাৰীত ১৮ সংখ্যক আন্ত:জিলা পুৰুষ – মহিলা খো খো প্ৰতিযোগিতা আৰম্ভ ।

৮ নৱেম্বৰ-

অসম খো খো সন্থাৰ তত্বাবধানত তামুলপুৰ জিলা খো খো সন্থা আৰু কচুবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰে পৰা কচুবাৰী হাইস্কুল খেলপথাৰত অনুস্থিত হৈছে ১৮ সংখ্যক আন্ত:জিলা পুৰুষ – মহিলা খো খো প্ৰতিযোগিতা৷ আজিৰে পৰা ১০ নৱেম্বৰলৈ তিনি দিনীয়াকৈ অনুস্থিত হ’ব লগা

প্ৰতিযোগিতা খনিত ৰাজ্যৰ ২১ খন জিলাৰ ৩৭ পুৰুষ আৰু মহিলাৰ দলে অংশ গ্ৰহণ কৰিছে ৷

আজি পুৱাৰ ৯-৩০ বজাত

অসম খো খো সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাই৷ তামুলপুৰ জিলা খো খো সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি হৰি নাৰায়ন দাসে ৷

শ্বদীদ তৰ্পন কৰে তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি দেবেন বড়োই৷ প্ৰতিযোগিতা খনি আনুস্থানিক ভাৱে উদ্ধোধন কৰাৰ লগতে মাৰ্চপাচৰ অভিবাদন গ্ৰহণ কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে ৷ শপত বাক্য পাঠ কৰাই আন্ত:ৰাষ্ট্ৰীয় খো খো খেলুৱৈ ৰঞ্জনা শৰনীয়াই ৷ ইয়াৰ পাছতেই অনুস্থি়ত হয় সাংস্কৃতিক অনুস্থিত ৷ পুৱা ১১-৩০ বজাত প্ৰতিযোগিতাৰ প্ৰথম খন খেল অনুস্থিত হয় সোনাপুৰ আৰু ধুবুৰী জিলা দলৰ মাজত ৷ খেল খন উদ্ধোধন কৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ বিভূতি ডেকাই ৷

দিবা-নৈশ ভাৱে অনুস্থিত হ’ব লগা খো খো

প্ৰতিযোগীতা খনি সাফল্য মণ্ডিত কৰি তুলিবলৈ তামুলপুৰবাসী ৰাইজৰ সহযোগত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে উদ়্যোক্তা সকলে ৷ উল্লেখ্য যে ১০ নৱেম্বৰৰ সন্ধিয়া অনুস্থিত হ’ব চুড়ান্ত খেল খন ।

Exit mobile version