
তামুলপুৰৰ উত্তৰ পানবাৰী গাঁওৰ দুই যুৱক নিৰুদ্দেশ। কৰ্মৰ সন্ধানত ৰেল যোগে মুম্বাই লৈ গৈ থাকোঁতে সন্ধানহীনহয় লোকদুজন। সন্ধানহীন লোক দুজন ক্ৰমে বিষ্ণু গৰ আৰু বিশেস্বৰ পানীকা।
বিগত ২৬ নৱেম্বৰৰ পৰা যোগাযোগ বিছিন্ন হৈ আছে দুয়োগৰাকী লোকৰ। কোনো দুষ্টচক্ৰৰ কৱলত পৰাৰ সন্দেহ পৰিয়ালৰ।
কান্দোনত ভাগি পৰিছে দুয়োটা পৰিয়ালৰ লোকে। দুয়োগৰাকী লোকৰ সন্ধানৰ আশাত ৰৈ আছে পৰিয়াল তথা গাঁওবাসী।
কোনোবাই লোক দুজনৰ সন্ধান পালে 8474839325 নতুবা 6901566737 উক্ত নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে।
নিৰুদ্দেশ সম্পৰ্কে ইতিমধ্যে দুয়োটা পৰিয়ালে কাষ চাপিছে কুমাৰীকাটা আৰক্ষী চকীত।