
তামুলপুৰত “Run for Happiness” আৰু নিচামুক্ত সমাজৰ আহ্বান
তামুলপুৰ | ২৯ জুন ২০২৫
তামুলপুৰ জিলাত জিলা প্ৰশাসনৰ উদ্যোগত এক বিশেষ সচেতনতামূলক কাৰ্যসূচী ৰূপে আয়োজন কৰা হয় “Run for Happiness” শীৰ্ষক মাৰাথান দৌৰ প্ৰতিযোগিতা। ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাৰ পৰা পুৱাই আৰম্ভ হয় এই ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাৰাথান।
এই দৌৰৰ মূল উদ্দেশ্য আছিল –
🔹 নিচামুক্ত সমাজ গঠন,
🔹 পথ সুৰক্ষা সজাগতা বৃদ্ধি
যাৰ বাবে তামুলপুৰবাসীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দুশৰো অধিক যুৱকে এই অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
পুৰুষ-মহিলা উভয়ৰে অংশগ্ৰহণে এই কাৰ্যসূচী অধিক উৎসাহব্যঞ্জক বনাই তোলে।
অনুষ্ঠানটো জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত চৌধুৰী, আৰু বিধায়ক জলেন দৈমাৰীৰ ফ্লেগ অফৰে শুভাৰম্ভ হয়।
জিলা প্ৰশাসনৰ এই উদ্যমে সমাজত সুস্থ জীৱনধাৰা, আনন্দ আৰু সচেতনতাৰ বাৰ্তা প্ৰেৰণ কৰিছে।
#TamulpurRun #DrugFreeSociety #RunForHappiness #TamulpurInitiative