BTR NEWS

তামুলপুৰত BPF নেতা ৰিংচাৰ বড়োৰ নেতৃত্বত ১৫০ জন UPPL দলত যোগদান।

Telegram

তামুলপুৰত BPF নেতা ৰিংচাৰ বড়োৰ নেতৃত্বত ১৫০ জন UPPL দলত যোগদান।

 

তামুলপুৰ, ৪ ছেপ্টেম্বৰঃ

 

তামুলপুৰ জিলাত আজি বি.পি.এফ (BPF) দলৰ পৰা বৃহৎ পৰিসৰত নেতা-কৰ্মীৰ যোগদান কৰে । BPF দলৰ নেতা ৰিংচাৰ বড়োৰ নেতৃত্বত ১৫০ জনৰো অধিক পুৰুষ- মহিলা একেলগে United People’s Party Liberal (UPPL) দলত যোগদান কৰে।

 

এই যোগদান অনুষ্ঠানত উপস্থিত থাকে বি.টি.আৰ প্ৰধান তথা ইউপিপিএল সভাপতি প্ৰমোদ বড়ো। নতুনকৈ দলত যোগদান হোৱা সদস্য সকলে একমত হৈ কয়, “আকৌ এবাৰ UPPL চৰকাৰ”।

 

প্ৰমোদ বড়োৱে এই যোগদানক স্বাগত জনাই কয় যে, “জনতাৰ বিশ্বাস আৰু সমৰ্থনেই আমাৰ শক্তি। সকলোৱে একেলগে আগবাঢ়িলে উন্নয়নমূলক পদক্ষেপ আৰু শান্তিৰ বিটিআৰ গঢ়ি তুলিব পাৰিম।”

 

উল্লেখ্য যে, আগন্তুক পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে হোৱা এই বৃহৎ যোগদান কাৰ্যসূচীয়ে তামুলপুৰত ইউপিপিএল শিবিৰত নতুন উৎসাহ আৰু শক্তি যোগাইছে।

Exit mobile version