তামুলপুৰত ৰ’য়েল এন ফিল্ডৰ ডীলাৰ কাম শ্ব’ৰুম মুকলি।
তামুলপুৰ গোৰেশ্বৰ চকত আজি এক মাংগলিক পৰিৱেশত ৰ’য়েল এনফিল্ডৰ এটি ডিলাৰ আৰু শ্ব’ৰম মুকলি কৰা হয়।
ডিলাৰ আৰু শ্বৰুমটো আনুষ্ঠানিক ভাৱে মুকলি কৰে ৰয়েল এনফিল্ড কোম্পানীৰ ৰিজ’নেল বিজনেচ মেনেজাৰ অমিয় শংকৰ ভূঞাই ৷
স্বত্বাধিকাৰী ইন্দ্ৰনীল শৰ্মাই
জনোৱা মতে তামুলপুৰৰ ৰয়েল এনফিল্ডৰ এই ডিলাৰ কাম শ্বৰুমটোৰ পৰা গ্ৰাহক সকলে অতি কম মূল্যতে আৰু সহজ ইএম আই পদ্বতিৰে বাহন সমূহ ক্ৰয় কৰিব পাৰিব আৰু বাহন সমূহো তাতেই চাৰ্ভিছিং কৰিব পাৰিব ৷ আনহাতে তামুলপুৰৰ গোৰেশ্বৰ চকত অৱস্থিত এই ডিলাৰ কাম শ্বৰুমটোৱে অঞ্চলটোৰ এটি বহুদিনীয়া অভাৱ পূৰণ কৰিলে বুলি অঞ্চলটোৰ সচেতন মহলে মন্তব্য কৰিছে ৷