তামুলপুৰত ৪ লাখ টকাৰ ড্ৰাগছ সহ দুজন যুৱকক আটক আৰক্ষীৰ।

  • Current
  • January 18, 2025
  • 0 Comments
Telegram

তামুলপুৰত ৪ লাখ টকাৰ ড্ৰাগছ সহ দুজন যুৱকক আটক আৰক্ষীৰ।

তামুলপুৰ, ১৮ জানুৱাৰীঃ

 

তামুলপুৰ জিলাৰ দ্বাৰকুছিত কালি নিশা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ৬৩ গ্ৰাম হেৰোইন সহ ড্ৰাগছ সৰবৰাহকাৰী দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰামতে এক গোপন সূত্ৰৰ পমখেদি তামুলপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক মণ্টুৰাম বৰাৰ নেতৃত্বত কালি নিশাৰ ভাগত জিলাখনৰ দ্বাৰকুছিত নাকা চেকিঙ চলাই দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। আটকাধীন যুৱক কেইজনক ৰঙিয়াৰ বালাগাঁওৰ মিৰ্জা চৌধুৰী (২২) আৰু আমিনুল হুছেইন(২২)। যুৱক দুজনে ৰঙিয়াৰ পৰা তামুলপুৰ অভিমুখে এটা চাবোনৰ বাকচত ৬৩ গ্ৰাম হেৰোইন সৰবৰাহ কৰিবলৈ আহোতে আৰক্ষীৰ দলটোৱে সৰবৰাহকাৰী দুজনক হাতেলোটে ধৰিবলৈ সক্ষম হয়। জব্দ কৃত হেৰোইন খিনিৰ বজাৰ মূল্য প্ৰায় ৪ লাখ টকা। ড্ৰাগছৰ অবাধ ব্যৱসায়ীৰ সৈতে বৃহত এটা চক্ৰ জড়িত থকাৰ সন্দেহ বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰি চক্ৰটোৰ লগত জড়িত প্ৰতিগৰাকী সৰবৰাহকাৰীক ধৰিবলৈ তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে।##

  • Related Posts

    • Current
    • September 12, 2025
    • 2 views
    • 1 minute Read
    নাগ্ৰীজুলিত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা।

    Telegram

    TelegramTweetনাগ্ৰীজুলিত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা।   তিনি শতাধিক লোকৰ বিজেপিত যোগদান।   বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিলে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব নালাগে।     ১২…

    • Current
    • September 11, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ আক্ৰাছুৰঃ

    Telegram

    TelegramTweetতামুলপুৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ আক্ৰাছুৰঃ     তামুলপুৰ,১১ ছেপ্টেম্বৰঃ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত কালি নিশা ধুবুৰী জিলাৰ গোলোকগঞ্জত আক্ৰাছুৰ উদ্যোগত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *