
তামুলপুৰত ১২ লাখ টকা নগদ ধনসহ নিৰুদ্দেশ পেট্ৰল ডিপোৰ পৰিচালক।
তামুলপুৰ, ৮ এপ্ৰিলঃ
তামুলৰপুৰ জিলা সদৰস্থ সৌৰাগুৰীৰ এটি পেট্ৰল ডিপোৰ পৰা পৰিচালক এগৰাকীয়ে নগদ ধন লৈ উধাও হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে “উপসনা কিষান সেৱা কেন্দ্ৰ” নামৰ পেট্ৰল ডিপোটোৰ পৰিচালক খনিন্দ্ৰ ডেকাই কালি দিনৰ একমান বজাত প্ৰায় ১২ লক্ষাধিক টকা ইউকো বেংকৰ তামুলপুৰ শাখাত জমা দিবলৈ যায়। ধন জমা দিবলৈ গৈ পৰিচালক গৰাকী বহু পৰলৈ পেট্ৰল ডিপোটোলৈ উভতি নোযোৱাত পেট্ৰল ডিপোৰ কৰ্মচাৰী সকল চিন্তিত হৈ পৰে। ইপিনে বেংকৰ সৈতেও কৰ্মচাৰী সকলে যোগাযোগ কৰাত পৰিচালক খনিন্দ্ৰ ডেকাই বেংকত কোনো ধন জমা দিবলৈ যোৱা নাছিল বুলি উল্লেখ কৰে। দিনৰ এক মান বজাত তামুলপুৰ জিলা সদৰস্থিত ইউকো বেংকৰ তামুলপুৰ শাখাত এছ ২৮-ডি -৪৯৯৬ নম্বৰৰ নিজৰ স্কুটীৰে পেট্ৰল ডিপোত সংগৃহিত ধন খিনি জমা থ’ব যোৱাৰ চলেৰে স্কুটী সহ পৰিচালক খনিন্দ্ৰ ডেকা নিৰুদ্দেশ হৈ থাকে৷ পিছত বিচাৰ খোচাৰ কৰিও কোনো শুংসূত্ৰ নোপোৱাত পেট্ৰল ডিপোৰ কৰ্মচাৰী সকলে ডিপোটোৰ কৰ্তৃপক্ষক খবৰ দিয়ে। আবেলি ডিপোটোৰ কৰ্তৃপক্ষই তামুলপুৰস্থ পেট্ৰল ডিপোত উপস্থিত হৈ তামুলপুৰ আৰক্ষী থানাত পৰিচালক গৰাকী নগদ ধন সহ নিৰুদ্দেশ হৈ থকাৰ খবৰ দিয়াৰ লগতে এখন এজাহাৰ দাখিল কৰে৷ আজি পুৱাৰ ভাগত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰে যদিওঁ বাতৰি সংগ্ৰহৰ সময়লৈকে পৰিচালক গৰাকীৰ কোনো খবৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ইতিমধ্যেই পৰিচালক গৰাকীৰ চালচলনক লৈ স্থানীয় লোক আৰু ডিপোটোৰ কৰ্তৃপক্ষই মোটা অংকৰ ধন খিনি লৈ কৰবালৈ পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আৰক্ষীৰ তদন্ততহে প্ৰকৃত ৰহস্য ফাদিল হ’ব।###