তামুলপুৰত হস্তী-মানুহৰ সংঘাত সম্পৰ্কে সজাগতা সভা।

Telegram

তামুলপুৰত হস্তী-মানুহৰ সংঘাত সম্পৰ্কে সজাগতা সভা।

তামুলপুৰ, ১৪ নৱেম্বৰ, ২০২৪ :

 

তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আজি জিলাখনত অব্যাহত থকা হস্তী-মানুহৰ সংঘাত শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে সঞ্চালনা কৰা সজাগতা সভাত জিলা আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, অতিৰিক্ত আয়ুক্ত হেমাশ্ৰী খনিকৰ,

জিলা বন প্ৰাধিকৰণ বিষয়া গোলাপ চন্দ্ৰ বনিয়া, স্বেচ্ছাসেৱী অনুষ্ঠান ‘আৰণ্যক”ৰ সমন্বয়ক ৰাবীয়া দৈমাৰী, কাজিৰঙা বণ্যপ্ৰাণী সমাজৰ যুটীয়া সম্পাদক জয়ন্ত কুমাৰ দাস, দ্য গ্ৰীন গ্ল’ৱেলৰ পল্লৱলোচন ডেকা, এছটেকৰ বিষয়া প্ৰাঞ্জল বেজবৰুৱা, চায়পত্তি ফাউণ্ডেছনৰ সভাপতি মাধাৱ চেত্ৰীয়ে হাতী-মানুহৰ সংঘাত ৰোধ সন্দৰ্ভত বক্তব্য ৰাখি কৰণীয় কামৰ ওপৰত আলোচনা আগবঢ়ায় আৰু হাতীৰ গতিবিধি নিৰীক্ষণৰ বাবে ৰেডিঅ’ কলাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা, হাতী দণ্ডীসমূহ মুক্ত কৰা, ছ’লাৰ ফেন্সিং ব্যৱহাৰত চকু ৰখা, ক্ষতিগ্ৰস্ত লোকসকলক সময় মতে ক্ষতিপূৰণ দিয়া, ক্ষতিগ্ৰস্ত লোকসকলক কিদৰে চৰকাৰীভাৱে জীৱন-জীৱিকাৰ সন্ধান দিব পাৰি, ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা আনি শিক্ষকসকলক জড়িত কৰা কিছু পৰামৰ্শ আগবঢ়ায়। সজাগতা সভাত জয়ন্ত কুমাৰ দাসে কয়- “হাতীক শত্ৰু জ্ঞান নকৰি সিহঁতক জীয়াই থাকিব দিব লাগিব। তাৰ বাবে হাতীৰে সৈতে আমি সহযোগ কৰিবহে লাগিব।” ৰাজহ চক্ৰ বিষয়া ক্ৰমে এলিমা কাণ্ডুুলনা, মানস কুমাৰ বৰা, জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকল, ৰেঞ্জাৰসকলৰ উপৰি হাতী-মানুহৰ সংঘাত দূৰীকৰণত লাগি থকা স্থানীয় সমিতিসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ আৰক্ষী অধীক্ষক দিগন্ত চৌধুৰীয়ে কয়- “জিলাখনত ২০১৯ চনৰ পৰা মুঠ চৈধ্যগৰাকী লোক হাতীৰ আক্ৰমণত নিহত হৈছে।’ হাতী-মানুহৰ সংঘাতৰ ক্ষেত্ৰত বনবিভাগ, এছ এছ বি আৰু আৰক্ষী প্ৰশাসনেও সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি কয়। আনহাতে সজাগতা সভাত বিভিন্নজনে দিয়া দিহা-পৰামৰ্শৰ ওপৰত বিতংকৈ আলোচনা কৰি জিলা আয়ুক্তগৰাকীয়ে নিজৰ মতামত দাঙি ধৰি কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত অৱগত কৰে ৷ হাতী-মানুহৰ সংঘাত নিৰাময় কৰিবলৈ এখন সজাগতা সভাৰ আয়োজন কৰি হাতী বিশেষজ্ঞ ডঃ কুশল কুমৰৰ শৰ্মা, হস্তীকন্যাখ্যাত পাৰ্বতী বৰুৱাক নিমন্ত্ৰণ কৰি কিছু দিহা-পৰামৰ্শ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। হাতীৰ সৈতে মানুহৰ সংঘাত নিৰাময়ৰ কাৰণে কাম কৰি থকা স্বেচ্ছাসেৱকসকলক প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা আঁচনি দিয়া, আই আই টি টি, গুৱাহাটীৰ সহযোগত হাতীৰ গতিবিধি ৰোধৰ কাৰণে ৰেডিঅ’ কলাৰ ব্যৱহাৰ কৰা, পাহাৰ অঞ্চলত অৱস্থিত বনভোজোোথলীবোৰ নিয়ন্ত্ৰণ কৰি শব্দ প্ৰদূষণ, মাদকদ্ৰব্য, প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিবলৈও সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে সম্পূৰ্ণ হাতী-মানুহ সংঘাত দূৰীকৰণত সহায়ক হোৱাকৈ আজি সজাগতা সভাতে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, বনপ্ৰাধিকৰণ বিষয়া, কৃষি বিভাগ, উন্নয়ন খণ্ড বিষয়া, এন জি অ’ আদিক সামৰি এখন সমন্বয়ৰক্ষী সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ পৰৱৰ্তী সময়ত জিলাখনত প্ৰধান সমস্যা হিচাপে থিয় দিয়া হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰণ কৰাত এই সমিতিখনে সুন্দৰ পৰিকল্পনাৰে কাম কৰি সমস্যাসমূহৰ গভীৰতা বুজি কাম কৰি যাব বুলি সকলোৱে মত প্ৰকাশ কৰে। সভাখনৰ আঁত ধৰে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া চন্দা সিঙে‌।

  • Related Posts

    কচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন। 

    Telegram

    TelegramTweetকচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন।      তামুলপুৰঃ৩০ আগষ্টঃ     তামুলপুৰৰ কচুবাৰীত আজি এক মাংগলিক পৰিৱেশত এটি শনি মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয়।হেমচিং বড়োৰ পৰিয়ালবৰ্গই দান কৰা উক্ত ভূমিত…

    বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত  ৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।

    Telegram

    TelegramTweetবিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত  ৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।   বিটিচিৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰিও ফলাফল ঘোষণা কৰিব নোৱাৰাৰ উপৰিও বিটিআৰ স্পেচিয়েল টেটৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *