তামুলপুৰত “সুশাসন সপ্তাহ, ২০২৪”-ৰ বিভিন্ন কাৰ্যসূচী*

  • Current
  • December 19, 2024
  • 0 Comments
Telegram

*তামুলপুৰত “সুশাসন সপ্তাহ, ২০২৪”-ৰ বিভিন্ন কাৰ্যসূচী*

 

*তামুলপুৰ, ১৯ ডিচেম্বৰ, ২০২৪* : ভাৰতৰ জনদৰদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশে ১৯-২৪ ডিচেম্বৰৰ ভিতৰত “সুশাসন সপ্তাহ, ২০২৪” পালন কৰিবলৈ লৈছে। দেশৰ ৭০০তকৈ অধিক জিলা এই কাৰ্যসূচীৰ বাবে সাজু হৈছে। তাৰ লগত সংগতি ৰাখি তামুলপুৰ জিলা প্ৰশাসনেও কিছু কাৰ্যসূচী হাতত লৈছে। এইক্ষেত্ৰত জিলা প্ৰশাসনৰ উপৰি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, মহিলা আৰু শিশু কল্যাণ, শিক্ষা, দক্ষতা বিকাশ, সমাজকল্যাণ আদি বিভাগে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছে। তদুপলক্ষে ২৩ ডিচেম্বৰত সুশাসন সম্পৰ্কীয় কৰ্মশালা, ১৯-২৪ ডিচেম্বৰত ছ’চিয়েল অ’ডিট উইক, সুস্বাস্থ্য সপ্তাহ, প্ৰজেক্ট বিকল্প, এ আৰ টি পি এছ এম্পাৱাৰিং উইক আৰু ২২ ডিচেম্বৰত শিশু গাঁওসভা অনুষ্ঠিত হ’ব। উক্ত সময়ছোৱাত সুশাসনৰ সৈতে জীৱনৰ মান সম্পৰ্কীয় আলোচনা, প্ৰতিটো ভিচিডিচিত চৰকাৰী কামকাজৰ পৰ্যালোচনা, স্বাস্থ্য সজাগতা শিবিৰ, নাগ্ৰীজুলি চাহ বাগানত স্বাস্থ্যৱান শিশুৰ প্ৰতিযোগিতা, দক্ষতা বিকাশৰ প্ৰতিযোগিতা, জিলাখনৰ তিনিওটা উন্নয়ন খণ্ডত সপ্তম মানৰ পৰা দশম মানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সভা আদি অনুষ্ঠিত হ’ব। উল্লেখ্য যে এইবাৰৰ সুশাসন সপ্তাহৰ থীম হৈছে— “প্ৰশাসন গাঁও কী ওৰ”।

  • Related Posts

    • Current
    • June 18, 2025
    • 3 views
    • 1 minute Read
    নিযুক্তিৰ আনন্দ: চিকিৎসক হোৱাৰ সপোন পূৰ্ণ হ’ল!

    Telegram

    TelegramTweetনিযুক্তিৰ আনন্দ: চিকিৎসক হোৱাৰ সপোন পূৰ্ণ হ’ল!   📍 গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)-ৰ প্ৰেক্ষাগৃহত আজি এটি গৰ্বৰ দৃশ্য পৰিলক্ষিত হয়। মুঠ ৪০০ গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়াক নিযুক্তি পত্ৰ বিতৰণ…

    • Current
    • June 18, 2025
    • 4 views
    • 1 minute Read
    সোনম ৰঘুবংশীৰ ভাই গোৱিন্দৰ প্ৰতিক্ৰিয়া নাৰ্কো টেষ্ট দাবীত

    Telegram

    TelegramTweetসোনম ৰঘুবংশীৰ ভাই গোৱিন্দৰ প্ৰতিক্ৰিয়া নাৰ্কো টেষ্ট দাবীত 🗣️ ——————————————————   ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ সন্দেহত কোৱা যোৱা সোনম ৰঘুবংশীৰ নাম কেন্দ্ৰ কৰি যেতিয়া নাৰ্কো টেষ্টৰ দাবী উঠিছে, তেতিয়াই পৰিয়ালৰ পৰা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *