তামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আজি তামুলপুৰ জিলা সদৰস্থ ঘগ্ৰাচ’কৰ লেহোবড়ো খেলপথাৰত দিনৰ বাৰ বজাৰ পৰা ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
অসম চৰকৰে গোৱালপাৰাৰ হাচিলাবিল মুকালমুৱা আৰু বঙাইগাঁওত চলোৱা উচ্ছেদ কাৰ্য চলোৱাৰ বিৰুদ্ধে আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰি ধৰ্মঘাাটকাাৰী সকলে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ উচ্ছেদৰ বিৰুদ্ধে চৰপাৰ বিৰোধী শ্লোগান দি সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে ৷ অৱস্থান ধৰ্মঘটৰ শেষত ধৰ্মঘটকাৰী সকলেআমছুৰ হৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়লৈ চক্ৰবিষয়াৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷
বাইটঃ মুখ্য উপদেষ্টা, আমছু ৷
তামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।
