
তামুলপুৰত সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ গুৰুত্বপূৰ্ণ সভা
তামুলপুৰ, ১৩ আগষ্টঃ
আজি সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন তামুলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হয়। সভাখন সংগঠনৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ তাত সংগঠনক অধিক শক্তিশালী কৰাৰ দিশে একাধিক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত হয়।
সভাত উপস্থিত নেতৃবৃন্দে সংগঠনৰ কাৰ্যকলাপ সুসংগঠিত কৰাৰ লগতে বি টি আৰৰ বঙালী সমাজৰ হিতৰক্ষাৰ বাবে আগন্তুক দিনত প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰে। লগতে জাতীয় সমস্যাবোৰৰ বিষয়ে বিস্তৃত আলোচনা কৰি সেয়া সমাধানৰ বাবে সকলে ঐক্যমত প্ৰকাশ কৰে।