তামুলপুৰত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ।
জাতিৰ প্ৰমান পত্ৰ প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ।
শৰণীয়া কছাৰী সকলৰ জাতিগত প্ৰমাণ পত্ৰৰ Digitallalization আৰু Annexure- 6ৰ ক্ষেত্ৰত অসুবিধাৰ সন্মূখীন হৈ অহাৰ বাবে সাব্যস্ত কৰা হয় প্ৰতিবাদ।
প্ৰতিবাদকাৰী সকলে জাতিগত প্ৰমাণ পত্ৰ শীঘ্ৰেই প্ৰদান কৰক, ট্ৰাইবেল সংঘৰ মইমতালি নচলিব, শৰণীয়া কছাৰী ছাত্ৰ সন্থা জিন্দাবাদ, আমাক জনজাতিৰ প্ৰমান পত্ৰ প্ৰদান কৰক আদি শ্লোগানে উত্তাল হয় তামুলপুৰ আকাশ বতাহ।
শৰণীয়া কছাৰী সকলৰ জাতিগত প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত দেখুওৱা উদাসীনতাত ক্ষোভ প্ৰকাশ কৰে শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে।
প্ৰতিবাদকাৰীসকলে শৰণীয়া কছাৰী সকলৰ জাতিগত প্ৰমাণ পত্ৰৰ সমস্যা শীঘ্ৰেই সমাধান নকৰিলে ১০ দিনৰ ভিতৰত ট্ৰাইবেল সংঘত তলা লগোৱাৰ লগতে আগন্তুক বিটিআৰ আৰু বিধানসভা সভা নিৰ্বাচনত ভোট বৰ্জনৰৰ হুংকাৰ প্ৰদান কৰে।